মণিপুৰৰ পাহাৰীয়া জিলাসমূহত পুনৰ হিংসাত্মক ঘটনা ২৩ ছেপ্টেম্বৰত তামেংলং জিলাত বিদ্যুৎ সংযোগ মেৰামতি কৰি থকা এগৰাকী ৩৬ বছৰীয়া কৰ্মীক গুলীয়াই হত্যা কৰাৰ বিপৰীতে কাংপকপি জিলাৰ দুখন নগা গাঁৱত কমেও ৪০টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
তামেংলং জিলাৰ টামেই আৰক্ষী থানাৰ অন্তৰ্গত লাছান গাঁৱত পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় প্ৰথমটো ঘটনা। নিহত বিদ্যুৎ কৰ্মীগৰাকীক ৱাকটফাই গাঁৱৰ পাওজাংগাম চংলই বুলি চিনাক্ত কৰা হৈছে। ৩৩ কেভি বিদ্যুৎ সংযোগ মেৰামতি কৰি থকা সময়তে তেওঁক গুলীয়াই হত্যা কৰা হয়।
ঘটনাটোৰ তদন্তৰ বাবে গাঁও কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত Zero FIR পঞ্জীয়নৰ আবেদন জনাইছে। NSCN-IMৰ কেডাৰ আৰু লাংকা গাঁৱৰ একাংশ লোক এই আক্ৰমণৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে যদিও এই দাবীৰ সত্যতা কিমান জানিব পৰা নাই।
ইয়াৰ কেইঘণ্টামান পাছতে কাংপকপি জিলাৰ মাকুই খুমান আৰু মাকুই থানাম্বা/চামৰিউইউ নামৰ দুখন নগা গাঁৱত আক্ৰমণ আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় সূত্ৰই জনাইছে।
স্থানীয় এগৰাকী বাসিন্দাৰ মতে, পুৱা প্ৰায় ৫ বজাত সশস্ত্ৰ দুৰ্বৃত্তই গাঁও দুখনত আক্ৰমণ কৰি ঘৰসমূহত জুই লগায়। সংঘাতৰ পাছতে গাঁওবাসীসকল ইতিমধ্যে অন্য স্থানত আশ্ৰয় লৈ আছিল। পাছত গাঁৱলৈ উভতি আহি দুয়োখন গাঁৱৰ প্ৰায় ৪০টা ঘৰ ভস্মীভূত হোৱা দেখা পায়। এই ঘটনাত এগৰাকী নেপালী বাসিন্দা এতিয়াও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।
ইফালে, কাংপকপি-সেনাপতি সীমান্তৰ কেইবাখনো নগা গাঁৱত আক্ৰমণ আৰু অগ্নিসংযোগ হোৱা বুলি অভিযোগ উঠিছে। ক্ষয়ক্ষতিৰ সম্পূৰ্ণ পৰিমাণ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।
শেহতীয়া ঘটনাসমূহৰ কেইদিনমান পূৰ্বে তামেংলং জিলাত ১৭ বছৰীয়া নগা যুৱক এন কে উইফেনবৌক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। নতুন ঘটনাক কেন্দ্ৰ কৰি তামেংলং, কাংপকপি আৰু ওচৰৰ পাহাৰীয়া অঞ্চলসমূহত উত্তেজনা বৃদ্ধি পাইছে।
