দুদিনলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

হঠাতে সলনি হৈছে বতৰ। প্ৰান্তে প্ৰান্তে বতৰে লৈছে কালৰূপ। বতাহ-বৰষুণত বিপৰ্যস্ত হৈছে জনজীৱন। এইবাৰ প্ৰতিকূল বতৰৰ বাবেই চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুদিনলৈ বন্ধ ৰখা হৈছে সকলো শিক্ষানুষ্ঠান।

মণিপুৰত প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ থাকিব শিক্ষানু্ষ্ঠান। ৰাজ্যখনত ৬ আৰু ৭ মে’ত বন্ধ থাকিব সকলো বিদ্যালয়-মহাবিদ্যালয়। সামাজিক মাধ্যম যোগে এই কথা জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে।

টুইটযোগে মন্ত্ৰী এন বিৰেন সিঙে এই কথা সদৰী কৰে। প্ৰতিকূল বতৰৰ ফলত হ’ব পৰা বিপদৰ পৰা ৰক্ষা পাবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও জনাই মন্ত্ৰীজনে। এই সময়ত সকলোকে ঘৰতে থাকি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় মন্ত্ৰী এন বিৰেন সিঙে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...