দুদিনলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

হঠাতে সলনি হৈছে বতৰ। প্ৰান্তে প্ৰান্তে বতৰে লৈছে কালৰূপ। বতাহ-বৰষুণত বিপৰ্যস্ত হৈছে জনজীৱন। এইবাৰ প্ৰতিকূল বতৰৰ বাবেই চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুদিনলৈ বন্ধ ৰখা হৈছে সকলো শিক্ষানুষ্ঠান।

মণিপুৰত প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ থাকিব শিক্ষানু্ষ্ঠান। ৰাজ্যখনত ৬ আৰু ৭ মে’ত বন্ধ থাকিব সকলো বিদ্যালয়-মহাবিদ্যালয়। সামাজিক মাধ্যম যোগে এই কথা জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে।

টুইটযোগে মন্ত্ৰী এন বিৰেন সিঙে এই কথা সদৰী কৰে। প্ৰতিকূল বতৰৰ ফলত হ’ব পৰা বিপদৰ পৰা ৰক্ষা পাবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও জনাই মন্ত্ৰীজনে। এই সময়ত সকলোকে ঘৰতে থাকি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় মন্ত্ৰী এন বিৰেন সিঙে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...