ছাউণ্ড বক্সৰ ভিতৰত বোমা ভৰাই ‘প্রেমিকা’ৰ স্বামীক দিলে উপহাৰ; তাৰ পিছত কি হ’ল?

হত্যাৰ ষড়যন্ত্ৰ ফাদিল কৰিবলৈ গৈ আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰীৰ এটা বৃহৎ চক্ৰৰ সন্ধান পাইছে। এই ঘটনাত ইতিমধ্যে এজন বিদ্যুৎ মেকানিকক গ্ৰেপ্তাৰ কৰা হৈছে। সেই মেকানিকৰ ভাষ্য অনুসৰি আই ই ডি চক্ৰৰ ক্লু পোৱা গৈছে। ঘটনাটো ছত্তীশগড়ৰ।

আৰক্ষীয়ে জনাইছে যে, ধৃত ব্যক্তিজনৰ নাম বিনয় বাৰ্মা। তেওঁ কুছামি গাঁৱৰ বাসিন্দা। এই ঘটনা সন্দৰ্ভত আৰু ছয়জনক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ সূত্ৰপাত হৈছে এটা ছাউণ্ড বক্সত বোমা সংযোগ কৰি উপহাৰ হিচাপে পঠোৱাৰ পৰিকল্পনাৰ পৰা। আৰক্ষীয়ে জনাইছে যে, অভিযুক্ত বিনয়ে তেওঁৰ ‘প্ৰেমিকা’ৰ স্বামীৰ ওচৰলৈ এই ছাউণ্ড বক্স উপহাৰ হিচাপে পঠিয়াইছিল। তাৰ ভিতৰত বোমা ভৰ্তি সংযোগ ৰখা হৈছিল। উল্লেখ্য যে, ছাউণ্ড বক্সটো বজোৱাৰ লগে লগে বিস্ফোৰণ ঘটিলহেঁতেন। কিন্তু যাৰ ওচৰলৈ এই উপহাৰ পঠোৱা হৈছিল, তেওঁৰ সন্দেহ হোৱাত এই ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।

আৰক্ষীয়ে জনাইছে যে, এগৰাকী যুৱতীক বিনয়ে ভাল পাইছিল। কিন্তু সেই যুৱতীগৰাকীৰ আন এজন ব্যক্তিৰ সৈতে বিয়া হোৱাত তেওঁ ‘প্ৰতিশোধ’ লোৱাৰ পৰিকল্পনা কৰে। প্ৰতিশোধ ল’বলৈ তেওঁ এটা নতুন কৌশল গ্ৰহণ কৰে। যিহেতু তেওঁ বিদ্যুতৰ নানাধৰণৰ কাম কৰিছিল, সেয়েহে ছাউণ্ড বক্সৰ ভিতৰত বিস্ফোৰক সংযোগ কৰি ‘প্ৰেমিকা’ৰ ঘৰলৈ উপহাৰ হিচাপে পঠোৱাৰ পৰিকল্পনা কৰে। আৰু আফছাৰ খানৰ নামত এটা পাৰ্চেল পঠিয়ায়। কিন্তু আফছাৰৰ সন্দেহ হয় যে, তেওঁ কোনো অৰ্ডাৰ নিদিয়াকৈ কেনেকৈ তেওঁৰ নামত পাৰ্চেল আহিল? এই সন্দেহত তেওঁ আৰক্ষীক খবৰ দিয়ে। বোমা নিষ্ক্ৰিয়কৰণৰ দলো আহে। ছাউণ্ড বক্স খোলাৰ লগে লগে তাৰ ভিতৰৰ পৰা বহু পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হয়।

তাৰ পিছতে তদন্তত কৰি আৰক্ষীয়ে বিনয়ৰ সন্ধান পায়। তেওঁক জেৰা কৰি আৰক্ষীয়ে আৰু ৬জনক গ্ৰেপ্তাৰ কৰে। ধৃত এই ছয়জনে টকাৰ বিনিময়ত বিনয়ৰ বাবে বিস্ফোৰক আনিছিল। ধৃতৰ মাজৰ দুজনৰ ঘৰৰ পৰা আই ই ডি আৰু জিলেটিন ষ্টিক উদ্ধাৰ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...