হাতীয়ে গৃহহাৰা কৰিলে ৪টা দৰিদ্ৰ পৰিয়ালক

গোৱালপাৰা জিলাত পুনৰ গা কৰি উঠিছে হাতী-মানুহৰ সংঘাতে৷ শেহতীয়াকৈ লক্ষীপুৰ আৰু কুকুৰকাটা অঞ্চলত  বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বনকৰ্মী আৰু এগৰাকী মহিলা নিহত হোৱাৰ পিছতেই নিশা দুধনৈৰ নিকটৱৰ্তী নৱগ্ৰাম গাঁৱত চাৰিটাকৈ বাসগৃহ ভাঙি তচনচ কৰে৷ হাতীৰ আক্ৰমণত অতিকে দুখীয়া পৰিয়ালৰ চাৰিওটা বাসগৃহৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা সামগ্ৰীসমূহ নষ্ট কৰাৰ উপৰিও ধান-চাউল খাই শেষ কৰে৷

বনৰীয়া হাতীয়ে তাণ্ডৱ চলোৱাৰ পিছতো ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ বন বিভাগৰ লোকসকল নহাত গাঁওবাসীয়ে ক্ষোভ প্ৰকাশ কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...