গঁড়ৰ বিচৰণত আতংকিত মাজুলীবাসী

মাজুলীত গঁড়ৰ বিচৰণ। দিনে নিশাই গাঁৱত ঘূৰিছে দুটাকৈ গঁড়ে। চোতাল পাইছেহি গঁড়। স্বাভাৱিকতে সন্মুখত গঁড় দেখি আতংকিত মাজুলীবাসী। কিন্তু এটা গঁড় আহত অৱস্থাত থকাত সৃষ্টি হৈছে ৰহস্য।

গঁড়ৰ বিচৰণত আতংকিত মাজুলীবাসী
ৰক্তাক্ত গঁড়ৰ বিচৰণে সৃষ্টি কৰিছে ৰহস্যৰ
চোৰাং চিকাৰীৰ গুলী লাগিল নেকি গঁড়ৰ গাত?

২টা গঁড়ে যোৱা কেইবাদিন ধৰি বিচৰণ কৰিছে মাজলীৰ খোৰাহলা আৰু পলাশনি চাপৰিত। নিশা মানুহৰ ঘৰৰ চোতাল পাইছেহি গঁড়।

এটা গঁড়ৰ শৰীৰ পৰা বৈছে তেজৰ স্ৰোত
কিদৰে আহত হ’ল গঁড়টো?

স্থানীয় লোকৰ সন্দেহ চোৰাং চিকাৰীয়ে গঁড়টোক আক্ৰমণ কৰাৰ। অৱশ্যে সেয়া নিশ্চিত হোৱা নাই। কোনোৱে গঁড়টো বাঁহৰ গোজ আদিত লাগি আহত হোৱাৰো সন্দেহ কৰিছে। কিন্তু স্বাভাৱিকতে এনেদৰে গঁড়ে আঘাত পোৱাৰ দৃশ্য সহজলভ্য নহয়। সেয়ে গঁড়টোৰ আঘাতকলৈ সৃষ্টি হৈছে ৰহস্য। গঁড়টো ট্ৰেংকুলাইজ কৰি চিকিৎসা কৰাৰো বিশেষ ব্যৱস্থা নকৰিলে বন বিভাগে। আহত গঁড়টো সেইদৰেই বিচৰণ কৰিছে মাজুলীত।

কিন্তু ২টা গঁড়ৰ বিচৰণক লৈ আতংকিত অঞ্চলবাসী

ইতিমধ্যে আহত গঁড়টো অঞ্চলটোৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছে বন বিভাগ। কিন্তু এইদৰে আহত অৱস্থাত থকা গঁড়টোৰ চিকিৎসা নহ’লে গঁড়টো বিপদত পৰাৰ শংকা আছে। আঘাত গুৰুতৰ হ’লে গঁড়টোৰ প্ৰাণ যোৱাৰো শংকা বাঢ়িছে। গঁড়টোক বিচাৰি চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে। সঘনাই এই অঞ্চলটোত কাজিৰঙাৰ গঁড়ে বিচৰণ কৰে। গঁড়ৰ বিচৰণ ৰোধ কৰিবলৈ অঞ্চলটোত স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...