অইল-আইটা ছুপাৰ ছিৰিজ টেনিছৰ ছেমিফাইনেলত অসমৰ ৫গৰাকী খেলুৱৈ

অসমৰ অৰ্ণৱী দেৱনাথে বৃহৎ অঘটন ঘটাই চলিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত থকা টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাৰ আজি হোৱা কোৱাৰ্টাৰ ফাইনেলত অৰ্ণৱীয়ে শীৰ্ষ বাচনি লাভ কৰা বংগৰ ৰিয়া ৰয়ক ৬-১, ৭-৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে।

ইফালে, এই শাখাৰে আন এখন কোৱাৰ্টাৰ ফাইনেলত অন্ধ্ৰ প্ৰদেশৰ ঈশিতা শ্ৰিয়ালাই দ্বিতীয় বাচনিৰ মহাৰাষ্ট্ৰৰ শিৱানী গুপ্তেক ৬-১, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি আন এক অঘটন ঘটায়৷ অসমৰ সাংস্কৃতিক বৰায়ো ৬-৪, ৬-২ ৰ পোনপটিয়া ব্যৱধানত শ্বাজফা এছ কেক পৰাস্ত কৰি ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ ছেমিফাইনেলত প্ৰৱেশ কৰা চতুৰ্থগৰাকী খেলুৱৈ হ’ল ইন্দ্ৰাক্ষী ভট্টাচাৰ্য৷।

ইফালে, অসমৰ চন্দোগ্য পাঠকে ১৪ আৰু ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ উভয়ৰে একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ ১৬ বছৰ অনূধ্বৰ্ৰ কোৱাৰ্টাৰত চান্দোগ্যই ৬-৪, ৬-২ ৰ পোনপটিয়া ব্যৱধানত সত্যম প্ৰকাশক পৰাস্ত কৰাৰ বিপৰীতে ১৪ বছৰ অনূধ্বৰ্ৰ কোৱাৰ্টাৰত ৭-৬, ৬-১ ৰ পোনপটিয়া ব্যৱধানত চৈয়দ হুছেইনক পৰাস্ত কৰে।

আনহাতে, অসমৰ পাৰ্থিৱ কলিতাই সতীৰ্থ নিব্ৰাছ হুছেইনক ৬-২, ৬-২ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে৷ এই শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা আন দুই খেলুৱৈ হ’ল ৰাঘৱ সৰোদে আৰু মনোদ্বীপ দে৷ ইফালে, চান্দোগ্যৰ লগতে ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা আন তিনিগৰাকী খেলুৱৈ হ’ল সংকল্প কুমাৰ সাহানি, মনোদ্বীপ দে আৰু আশ্বৰ্ কাথুৰিয়া।

ইফালে, ছোৱালীৰ ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ নবিহা মৰিয়মে ০-৬, ৪-১ ৰ ব্যৱধানত ৰীত ঝাৱাৰক হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে৷ ৰিয়া ৰয়, শিবানী গুপ্তে আৰু ঈশিতা শ্ৰীয়ালায়ো ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে।

উল্লেখ্য যে দেশৰ ১৮ খন ৰাজ্যৰ ১৮৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত এককৰ লগতে ল’ৰা-ছোৱালীৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলো আজি বিয়লি অনুষ্ঠিত হৈছে৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় টেনিছ সন্থাই এই প্ৰতিযোগিতাখনৰ সঞ্চালক ৰূপে দায়িত্ব দিয়া অংকুশ দত্তই জনোৱা অনুসৰি বৃহস্পতিবাৰে একক আৰু ডাবলছ শাখাৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...