মহা শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এইকেইটা কাম

মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। কিন্তু ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে আৰাধনা হ’ব মূল্যহীন। মহা শিৱৰাত্ৰিৰ দিনা ভুলতো আপুনি নকৰিব এইকেইটা কাম। এই কামকেইটা কৰিলে ৰুষ্ট হ’ব পাৰে মহাদেৱ!

১. মহা শিৱৰাত্ৰিৰ দিনা স্নান কৰাৰ পূৰ্বে খাদ্য গ্ৰহণ কৰিব নালাগে। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও স্নান কৰাৰ পূৰ্বে গ্ৰহণ কৰিব নালাগে খাদ্য।

২. এই দিনটোত ক’লা ৰঙৰ কাপোৰ পিন্ধা অনুচিত। মহা শিৱৰাত্ৰিৰ দিনা ক’লা ৰঙৰ কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়।

৩. শিৱলিংগৰ ওপৰত দিয়া প্ৰসাদ খাব নালাগে। এনে কৰিলে ধন হানি হোৱাৰ লগতে ঘৰত বেমাৰ-আজাৰ হয় বুলি বিশ্বাস কৰা হয়।

৪. শিৱলিংগৰ ওপৰত কেতিয়াও তুলসী পাত দিব নালাগে।

৫. শিৱ পূজাত কেতিয়াও ভঙা চাউল দিব নালাগে।

৬. শিৱৰাত্ৰিত তিনিখিলা পাত থকা বেলপাতহে মহাদেৱক অৰ্পন কৰা উচিত। ভঙা অথবা কম তিনিখিলাতকৈ কম বেলপাত দিলে অসন্তুষ্ট হয় মহাদেৱ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...