মহা শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এইকেইটা কাম

মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। কিন্তু ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে আৰাধনা হ’ব মূল্যহীন। মহা শিৱৰাত্ৰিৰ দিনা ভুলতো আপুনি নকৰিব এইকেইটা কাম। এই কামকেইটা কৰিলে ৰুষ্ট হ’ব পাৰে মহাদেৱ!

১. মহা শিৱৰাত্ৰিৰ দিনা স্নান কৰাৰ পূৰ্বে খাদ্য গ্ৰহণ কৰিব নালাগে। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও স্নান কৰাৰ পূৰ্বে গ্ৰহণ কৰিব নালাগে খাদ্য।

২. এই দিনটোত ক’লা ৰঙৰ কাপোৰ পিন্ধা অনুচিত। মহা শিৱৰাত্ৰিৰ দিনা ক’লা ৰঙৰ কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়।

৩. শিৱলিংগৰ ওপৰত দিয়া প্ৰসাদ খাব নালাগে। এনে কৰিলে ধন হানি হোৱাৰ লগতে ঘৰত বেমাৰ-আজাৰ হয় বুলি বিশ্বাস কৰা হয়।

৪. শিৱলিংগৰ ওপৰত কেতিয়াও তুলসী পাত দিব নালাগে।

৫. শিৱ পূজাত কেতিয়াও ভঙা চাউল দিব নালাগে।

৬. শিৱৰাত্ৰিত তিনিখিলা পাত থকা বেলপাতহে মহাদেৱক অৰ্পন কৰা উচিত। ভঙা অথবা কম তিনিখিলাতকৈ কম বেলপাত দিলে অসন্তুষ্ট হয় মহাদেৱ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...