আৰক্ষীক আক্ৰমণ কৰি মাফিয়াই নিলে চোৰাং পশুধন

নেতা-মন্ত্ৰীয়ে ছিণ্ডিকেট বন্ধ কৰা হ’ব বুলি কোৱা নিশ্চয় আপোনাৰো মনত আছে। কিন্তু বন্ধ হ’লনে? ছিণ্ডিকেট বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল বিজেপি চৰকাৰ। ছিণ্ডিকেটমুক্ত এখন ৰাজ্য গঢ়াৰ কথা কৈছিল ৰজাঘৰীয়াই। কিন্তু কাৰ্যতঃ তাৰ ওলোটাহে হৈছে। বৰং পূৰ্বতকৈ অধিক বিস্তাৰিতৰূপত চলিছে ছিণ্ডিকেট। এতিয়া গৰুৰ চোৰাং বেপাৰীৰ এখন বিশাল সাম্ৰাজ্য। ভাৰত-বাংলাদেশ সামৰি এতিয়া গৰু-ম’হৰ ছিণ্ডিকেট।

গোপন সূত্ৰৰ পম খেদি দক্ষিণ শালমাৰা আৰক্ষীয়ে চলাইছিল অভিযান। হাজিৰহাটৰ টাকিমাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ২০টা পশুধন। লগতে গ্ৰেপ্তাৰ কৰিছিল ছয়নাল শ্বেখ নামৰ দুৰ্ধৰ্ষ মাফিয়াটোক। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ হৈ দক্ষিণ শালমাৰালৈ আহি আছিল আৰক্ষীৰ দলটো। তেতিয়াই জিলাখনৰ আমবাৰী পাওঁতে আৰক্ষীৰ ওপৰত অতৰ্কিত আক্ৰমণ চলালে মাফিয়াৰ এটা দলে। আৰক্ষী বিষয়া নাইম উদ্দীনসহ কেইবাজনো আৰক্ষীক আক্ৰমণ কৰিলে দলটোৱে। আক্ৰমণত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা DSP নাইম উদ্দিনৰ লগতে এজন কনিষ্টবলো আহত হল। আৰক্ষীক আক্ৰমণ কৰি ২০টা পশুধন লৈ গুচি গ’ল মাফিয়াৰ গেং। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ শালমাৰাত। আহত আৰক্ষী এতিয়া চিকিতসাধীন। ধাৰাবাহিকভাবে দক্ষিণ শালমাৰা অঞ্চলত সংঘটিত হৈছে এনে ঘটনা। আৰক্ষী-বি এছ এফে গ্ৰহণো কৰিছে ব্যৱস্থা। কিন্তু চোৰাং বেহা ৰোধ কৰিব পৰা নাই। প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ সৰবৰাহ হৈ আছে গৰু-ম’হ। ধুবুৰীৰ অসম-বাংলাদেশ সীমান্তৰে মুকলি বেহা চলিছে। ভূটভূটি নাৱতো পাৰ হয় গৰু। নিশা হলেই ৰাস্তাৰে গৰু অনা-নিয়া। কিয় এই বেহা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। বহু সময়ত অভিযোগ উঠে গো মাফিয়াৰে মিলি আছে একাংশ আৰক্ষী। বহুতৰ মতে অসম-বাংলাদেশ সীমান্তত আৰক্ষীতকৈ মাফিয়া শক্তিশালী। তাৰ মাজতে ঘটিল এই ঘটনা। ইয়াকে লৈ এতিয়া দক্ষিণ শালমাৰাত তীব্ৰ চাঞ্চল্য। মৈৰাবাৰীৰো এটা ঘটনাই কেইদিনমান পূৰ্বে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

ড্ৰাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে চোৰাংচোৱাৰ সহায়ত অভিযান চলাইছিল মৈৰাবাৰী আৰক্ষীয়ে। মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়াগাঁৱত চলিছিল বৃহৎ অভিযান। শ্বাজাহান আৰু ছাকাবুৰ নামৰ ড্ৰাগছ মাফিয়াৰ পৰা চাৰিটা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছিল অভিযানকাৰী দলটোৱে। কিন্তু মাফিয়াৰ গেংটোৱে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি তিনিটা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ আৰু নগদ ৪২ হাজাৰ টকা, এটা মোবাইল কাঢ়ি লৈ পলায়ন কৰে। ড্ৰাগ্ছ মাফিয়াক ৰক্ষনা-বেক্ষন দিয়া গুণ্ডাবাহিনীৰ দলে দলবদ্ধ আক্ৰমণ কৰে আৰক্ষীৰ চোৰাংচোৱাৰ দলটোক। এই ঘটনাই মৈৰাবাৰীত সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। বাৰেবাৰে ঘটিছে এনে ঘটনা। চৌদিশে একপ্ৰকাৰ ভয়-শংকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কৰ’বাত আৰক্ষী শলঠেকত পৰিলেই অপৰাধী মানসিকতাৰ বিশেষ এচাম লোকে সুবিধা গ্ৰহণ কৰে। তাৰ ফলত সৃষ্টি হয় অনাকাংক্ষিত পৰিস্থিতি। লখিমপুৰৰ ঘটনাটোতো তৃতীয় শক্তিৰ হাত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কোন এইসকল? এই কথাহে কিন্তু চিন্তনীয়। লগতে অধিক কঠোৰ হ’ব লাগিব আৰক্ষীও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...