৯ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম

স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাক কামকাজৰ নিৰীক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২২ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নির্মীয়মান মাধৱদেৱ কলাক্ষেত্ৰ চৌহদ পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ৯ মাহৰ ভিতৰত এই কলাক্ষেত্ৰ নিৰ্মাণৰ কাম সম্পূর্ণ কৰিবলৈ লােক নির্মাণ বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কলাক্ষেত্ৰ নিৰ্মাণৰ কামৰ অগ্রগতি নিয়মীয়াকৈ নিৰীক্ষণ কৰি প্ৰকল্পটো ধার্য কৰি দিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰাৰ নিশ্চিত পদক্ষেপ ল’বলৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাক দায়িত্ব অর্পণ কৰে।

আজিৰ এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ পল্লৱ লােচন দাস, বিধায়কসকল ক্রমে ড° অমিয় কুমাৰ ভূঞা, মানৱ ডেকা, উৎপল বৰাকে ধৰি জিলা প্রশাসন তথা লােক নির্মাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...