‘মা-দেউতা মোক ক্ষমা কৰিবা, এয়াই আছিল শেষ বিকল্প..’ শেষ হৈ গ’ল এটা জীৱন


‘মা-দেউতা মোক ক্ষমা কৰিবা, এয়াই আছিল শেষ বিকল্প..’ এক মৰ্মান্তিক ঘটনাই জোকাৰি গ’ল দেশ। পুনৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ চাপ সহিব নোৱাৰি বাচি ল’লে চৰম সিদ্ধান্ত। ঘটনা ৰাজস্থানৰ। ৰাজস্থানৰ কোটাত আই আই টি জেইৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী ছাত্ৰীয়ে বাচি লয় চৰম সিদ্ধান্ত। উল্লেখ্য যে ছাত্ৰীগৰাকীৰ মৃত্যুৰ দুদিনৰ পাছতে আছিল জেইই মেইনছৰ পৰীক্ষা।

ছাত্ৰীগৰাকীৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন পত্ৰ। সেই পত্ৰখনত ছাত্ৰীগৰাকীয়ে উল্লেখ কৰিছে পৰীক্ষাৰ চাপৰ কথা। পত্ৰখনত ছাত্ৰীগৰাকীয়ে লিখিছে ‘মা-দেউতা মই JEEকৰিব নোৱাৰো। মই বেয়া ছোৱালী। মোক ক্ষমা কৰি দিবা। এয়াই আছিল শেষ বিকল্প।’

আৰক্ষীয়ে জনোৱা অনুসৰি, ছাত্ৰীগৰাকীৰ দেউতাক কোটাৰ এটা ব্যক্তিগত বেংকৰ নিৰাপত্তাৰক্ষী। পৰিয়ালটো ঝালাৱাৰ জিলাৰ আকাওদাখুৰ্ড গাঁৱৰ বাসিন্দা।

ইফালে, ছাত্ৰীগৰাকীৰ সম্পৰ্কীয় লোকে জনোৱা
অনুসৰি, আগন্তুক JEE পৰীক্ষাক লৈ তীব্ৰ চাপত আছিল ছাত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ...