লাকী আলীৰ অনুৰাগীসকলৰ বাবে এটা দুঃখবৰ!

জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলীয়ে শীঘ্ৰে আঁতৰিব পাৰে সংগীত জগতৰ পৰা। সুন্দৰ কণ্ঠেৰে সমগ্ৰ দেশৰ লাখ লাখ জনতাৰ হৃদয় জয় কৰি আহিছে তেওঁ। যদিও তেওঁ চলচ্চিত্ৰ সংগীতৰ পৰা আঁতৰি আছিল, তথাপিও তেওঁ সংগীতানুষ্ঠানত গান গাইছিল আৰু মুকলি কৰিছিল এলবাম।
এতিয়া প্ৰবীণ গায়কজনে ঘোষণা কৰিছে অৱসৰৰ কথা। তেওঁ এটা নিউজ পৰ্টেলৰ আগত প্ৰকাশ কৰে যে তেওঁ শীঘ্ৰে ল’ব পাৰে অৱসৰ। লগতে তেওঁ কয় যে যেতিয়া তেওঁৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ নিজৰ সংগীতৰ লেবেল লৈ আহিছিল, গায়কজনে ভাবিছিল যে তেওঁ বাহিৰলৈ গৈ আছে আৰু সেয়েহে তেওঁ ইয়াৰ বাবে সাজু আছিল।

আলীয়ে ইয়াৰ লগতে কয় যে লকডাউনৰ সময়ত মনলৈ আহিছিল সংগীত জগতৰ পৰা অৱসৰ লোৱাৰ কথা। তেওঁ সুখী আছিল কিয়নো তেওঁ ক’লৈও যাব লগা হোৱা নাছিল। তেওঁ এইটোও কয় যে যোৱা কেইটামান বছৰ বহুত কঠিন আছিল আৰু নিৰন্তৰ ৰাস্তাত থকাটো সহজ নহয়। তেওঁৰ মতে, শ শ মাইল ভ্ৰমণ কৰিলে তেওঁৰ যথেষ্ট শক্তি লাগে।

লাকী আলীয়ে বৰ্তমান তেওঁৰ আহিবলগীয়া এলবাম ‘ইন্তেজাৰ’ৰ বিষয়েও কয় আৰু মুক্তিৰ বাবে অপেক্ষা কৰি আছে বুলিও জানিবলৈ দিয়ে। লাকী আলীৰ এই এলবামটি ৬ এপ্ৰিলত মুক্তি পাব আৰু প্ৰতিভাশালী গায়কৰ গৌৰৱময় কেৰিয়াৰৰ সমাপ্তি চিহ্নিত কৰিব।

লাকী আলীৰ ওচৰত ‘অ’ চানম’, ‘এক পাল কা জীনা’, ‘চফৰনামা’, ‘না তুম জানো না হাম’ আৰু আন বহুতো গান আছে বুলিও জানিব দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...