ৰাজ্যবাসীক অন্ধকাৰত ৰাখি সম্পূৰ্ণ হোৱাৰ দিশে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

নামনি সোৱণশিৰিত নিৰ্মীয়মাণ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ২০২২ চনৰ আৰম্ভণিৰ পৰা পুনৰ সোৱণশিৰি প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ। শুকুৰবাৰে গুৱাহাটীত উত্তৰ পূবৰ শক্তিমন্ত্ৰী সকলৰ সৈতে বহা বৈঠকত অন্তত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দুটা ইউনিট কাৰ্যক্ষম কৰাৰ লক্ষ্য লোৱা হৈছে। সেই ‍বছৰৰে আগষ্ট মাহৰ পৰা জলবিদ্যুৎ প্ৰকল্পটোত উৎপাদন হ’ব বিদ্যুৎ।

ৰাজ্যবাসীক অন্ধকাৰত ৰাখি ১২ নৱেম্বৰৰ ভিতৰত ইতিমধ্যে সম্পূৰ্ণ হৈছে বৃহৎ নদীবান্ধটোৰ প্ৰায় ৮৬ শতাংশ কাম। প্ৰথম পৰ্যায়ত নামনি সোৱণশিৰি প্ৰকল্পই উৎপাদন কৰিব ৫০০ মেগাৱাট বিদ্যুৎ। পৰবৰ্তী সময়ত ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য NHPCৰ। কিন্তু লক্ষ্যণীয়ভাৱে এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে বিনামূলীয়াকৈ লাভ কৰিব মাত্ৰ ২৫ মেগাৱাট বিদ্যুৎ। আৰু বুজাবুজিৰ চুক্তিমৰ্মে অসম চৰকাৰে ক্ৰয় কৰিলেহে লাভ কৰিব পাৰিব ৫০৮ মেগাৱাট বিদ্যুৎ। গুৱাহাটীত কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ ঘোষণাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠন।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...