কাইলৈ মহিলা বিশ্ব বক্সিঙৰ ৰিঙত নামিব লাভলীনা বৰগোহাঁই

মহিলা বিশ্ব বক্সিঙৰ প্ৰি-কোৱাৰ্টাৰত ভাৰতৰ নিখাত-মনীষা

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদকজয়ী অসম কন্যা লাভলীনা বৰগোহাঁয়ে নতুন দিল্লীত চলি থকা মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত কাইলৈ অভিযান আৰম্ভ কৰিব। উল্লেখ্য যে প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰি প্ৰতিযোগিতাৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা খেলত্ব সন্মান অর্জনকাৰী লাভলীনা কাইলৈৰ মেচত মুখামুখি হ’ব মেক্সিকোৰ ভানেছা অৰ্টিজৰ। এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নতুন ওজন শাখাত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাই ৭৫ কিলোগ্রামত খেলাৰ বাবে সাজু হৈছে। ইয়াৰ পূৰ্বে লাভলীনাই ২০১৮ ত নতুন দিল্লী তথা ২০১৯ ত ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিঙত ব্ৰঞ্জ লাভ কৰিছিল। তাৰপাছত টকিঅ’ অলিম্পিকতো ব্ৰঞ্জ জয়ৰে ইতিহাস গঢ়ে ভাৰত গৌৰৱ অসম কন্যাই। লাভলীনাই এই তিনিটা পদক জয় কৰিছিল ৬৯ কিলোগ্রাম শাখাত। কিন্তু যোৱা কমনৱেলথ গেমছৰ পাছতে লাভলীনাই ওজন শাখা সলনি কৰি এতিয়া ৭৫ কিলোগ্রাম শাখাত খেলিছে। অৱশ্যে নতুন ওজন শাখাত লাভলীনা এতিয়াও অপৰাজেয়। গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াৰ পৰাই ৭৫ কিলোগ্রাম শাখাত খেলিবলৈ লোৱা লাভলীনাই গান্ধী নগৰত অসমৰ হৈ সোণ জয় কৰাৰ পাছত এছিয়ান বক্সিং চেম্পিয়নশিপতো উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই ৭৫ কিলোগ্রাম শাখাৰ সোণ অৰ্জন কৰিছিল। ইফালে, ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিঙতো সোণ লাভ কৰিছে লাভলীনাই। সেয়ে চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত এইবাৰ স্বৰ্ণ জয় কৰাক লৈ আশাবাদী লাভলীনা। এইবাৰ কোনো কাৰণতে ছেমিফাইনেলতে যাত্রা সামৰিব বিচৰা নাই অসম কন্যাই।

ইফালে, ভাৰতীয় বক্সিঙৰ নতুন তাৰকা নিখাত জাৰিনে চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নিজৰ জয়যাত্রা অব্যাহত ৰাখি প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৫০ কিলোগ্রাম শাখাত খেলা নিখাতে আজি দ্বিতীয় ৰাউণ্ডৰ মেচত আলজেৰিয়াৰ ৰৌমাইছা বৌয়ালামৰ বিৰুদ্ধে হেলাৰঙে ৫-০ৰ ব্যৱধানত জয়লাভ কৰে। বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখাতে প্ৰথম ৰাউণ্ডৰ মেচত আজাৰবাইজানৰ আনাখানিম ইছমাইলোভাক নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বিধ্বস্ত কৰি চমকপ্রদ ৰূপত অভিযান আৰম্ভ কৰাৰ পাছত আজিও নিজৰ স্বকীয় আক্রমণাত্মক ৰণনীতিৰে ৰিঙত প্ৰৱেশ কৰিয়েই বিপক্ষক চাপৰ সন্মুখীন কৰায়। উল্লেখ্য যে ৰৌমাইছা 2022 ৰ আফ্ৰিকান মহিলা বক্সিঙৰ চেম্পিয়ন আছিল। ইষ্টানবুলত অনুষ্ঠিত হোৱা বিগত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণ জয় কৰি চমক দিয়া নিখাতে এইবাৰো গৃহভূমিত একেই গৌৰৱ লাভ কৰাৰ সপোন দেখিছে। কিন্তু ইষ্টানবুলত ৫২ কিলোগ্রাম শাখাত খেলা নিখাতে এইবাৰ নতুন দিল্লীত ৫০ কিলোগ্রাম শাখাত অংশ লৈছে। ইয়াৰ কাৰণ হ’ল আসন্ন পেৰিছ অলিম্পিকত ৫২ ৰ পৰিবৰ্তে ৫০ কিলোগ্রাম শাখাটোহে আছে। অৱশ্যে ৪৮-৫০ কিলোগ্রাম শাখাত খেলি নিখাতে বার্মিংহাম কমনৱেলথ গেমছত সোণ লাভ কৰিছিল। আজিৰ জয়ৰ পাছত নিখাতে কয় আজিৰ খেলত মোৰ কৌশল আছিল আৰম্ভনিৰ পৰাই আধিপত্য বিস্তাৰ কৰা। কাৰণ ৰৌমাইছা শীৰ্ষ বাছনিৰ বক্সাৰ। যদি মই শীর্ষ বাছনিৰ খেলুৱৈক আৰম্ভনিতে পৰাস্ত কৰো তেন্তে আগলৈ চাপ স্বাভাৱিকভাবে কমি যাব। মেচৰ আৰম্ভণিত ম‍ই দূৰৰ পৰা খেলাৰ লক্ষ্য লৈছিলোঁ কিন্তু যেতিয়া বিপক্ষক বুজি পালো তেতিয়া প্ৰহাৰ কৰিবলৈ লওঁ।’

ইফালে, নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্রীড়া কমপ্লেক্সৰ কে ডি যাদব হলত চলি থকা প্ৰতিযোগিতাৰ আজি ভাৰতৰ হৈ ৰিঙত নমা 2012ৰ বিশ্ব চেম্পিয়নশিপৰ ব্ৰঞ্জৰ পদক বিজয়ী মনীষা মৌনেও দ্বিতীয় ৰাউণ্ডৰ মেচত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৫৭ কিলোগ্রাম শাখাত খেলা মনীষাই প্ৰথম ৰাউণ্ডৰ মেচত ‘বাই’ লাভ কৰাৰ পাছত আজি মুখামুখি হয় অষ্ট্ৰেলিয়াৰ ৰহিমি টিনাৰ। একপক্ষীয় মেচখনত মনীষাই ৫-০ ৰ ব্যৱধানত জয়লাভ কৰে।

NKTV Digital
Author: NKTV Digital

114 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...