২০২৪ৰ সৰ্বাধিক আয়কৰ দিয়া তাৰকাৰ তালিকা প্ৰকাশ

২০২৪ৰ সৰ্বাধিক আয়কৰ দিয়া তাৰকাৰ তালিকা প্ৰকাশ। ভাৰতত সৰ্বাধিক উপাৰ্জন কৰে চলচিত্ৰৰ অভিনেতা-অভিনেত্ৰী-ক্ৰিকেটাৰে। স্বাভাৱিকতে আয়কৰ প্ৰদানৰ ক্ষেত্ৰত শীৰ্ষৰ দিশত অভিনেতা-ক্ৰিকেটাৰ

একোখন ছবি কৰিয়েই আজিকালি কোনো কোনো অভিনেতাই লাভ কৰে ১০০ কোটিৰো অধিক টকা। বজাৰত বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন কৰিও উপাৰ্জন কৰে বহু টকা। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই দেশৰ শীৰ্ষ স্থানৰ ক্ৰিকেটাৰসকলো। কিন্তু আয়কৰ প্ৰদানৰ ক্ষেত্ৰত এনে অভিনেতা–অভিনেত্ৰীৰ লগতে ক্ৰিকেটাৰসকলো পিছুৱাই থকাৰ অভিযোগো বহুদিনীয়া। ইয়াৰ মাজতে পোহৰলৈ আহিছে ‘২৪ত সৰ্বাধিক আয়কৰ দিয়া তাৰকাৰ তালিকা।

২০২৪ত সৰ্বাধিক আয়কৰ জমা দিয়া তাৰকা হৈছে শ্বাহৰুখ খান। শ্বাহৰুখ খানে জমা দিছে ৯২ কোটি টকাৰ আয়কৰ। শ্বাহৰুখ খানৰ পিছত আছে দক্ষিণৰ ছুপাৰষ্টাৰ থলপথি বিজয়। বিজয়ে জমা দিছে ৮০ কোটি টকাৰ আয়কৰ। ৭৫কোটিৰে ছলমান খান ৩য় স্থানত, ৭১ কোটিৰে বিগ বি আছে ৪ৰ্থ স্থানত।

২০২২ চনত সৰ্বাধিক আয়কৰ দাতা হিচাপে আয়কৰ বিভাগৰ পৰা সন্মান পত্ৰ লাভ কৰিছিল ‘খিলাড়ি’ অক্ষয় কুমাৰে। কিন্তু এইবাৰৰ তালিকাত নাম নাই অক্ষয় কুমাৰৰ।

আয়কৰ দিয়া ক্ৰিকেটাৰৰ তালিকাৰ শীৰ্ষত বিৰাট কোহলি। কোহলিয়ে আয়কৰ হিচাপে জমা দিছে ৬৬ কোটি টকা। ক্ৰিকেটাৰৰ তালিকাত ২য় স্থানত ধোনী, ৩য় স্থানত শচীন তেণ্ডুলকাৰ। ধোনীয়ে ৩৮ কোটি, তেণ্ডুলকাৰে ২৮ কোটি টকা আয়কৰ দিছে। অভিনেত্ৰীৰ তালিকাত ২০কোটি টকাৰে শীৰ্ষত কৰিণা কাপুৰ। তালিকাৰ ২য়, ৩য় স্থানত আছে ক্ৰমে, কায়েৰা আদৱানি, কেটৰিনা কাইফ। কমেডিয়ান কপিল শৰ্মাই ২৮ কোটিৰে তাৰকাৰ তালিকাত একাদশ স্থানত।

উল্লেখ্য যে ৭,৩০০কোটি টকাৰ সম্পত্তিৰে আটাইকৈ সম্পদশালী তাৰকা হিচাপে চিহ্নিত হৈছে শ্বাহৰুখ খান। সম্পত্তিৰ তালিকাত শ্বাহৰুখ খানৰ পিছত ২য় স্থানত আছে জুহি চাওলা আৰু তেওঁৰ পৰিয়াল। অমিতাভ বচ্চনৰ আছে ১৬০০ কোটি টকাৰ সম্পত্তি। অৱশ্যে তাৰকাসকলৰ উপাৰ্জনৰ দিশলৈ লক্ষ্য ৰাখি আয়কৰৰ পৰিমাণ আৰু বেছি হ’ব লাগে বুলি পৰ্যবেক্ষকসকলে মন্তব্য কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...