২০২৪ৰ সৰ্বাধিক আয়কৰ দিয়া তাৰকাৰ তালিকা প্ৰকাশ

২০২৪ৰ সৰ্বাধিক আয়কৰ দিয়া তাৰকাৰ তালিকা প্ৰকাশ। ভাৰতত সৰ্বাধিক উপাৰ্জন কৰে চলচিত্ৰৰ অভিনেতা-অভিনেত্ৰী-ক্ৰিকেটাৰে। স্বাভাৱিকতে আয়কৰ প্ৰদানৰ ক্ষেত্ৰত শীৰ্ষৰ দিশত অভিনেতা-ক্ৰিকেটাৰ

একোখন ছবি কৰিয়েই আজিকালি কোনো কোনো অভিনেতাই লাভ কৰে ১০০ কোটিৰো অধিক টকা। বজাৰত বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন কৰিও উপাৰ্জন কৰে বহু টকা। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই দেশৰ শীৰ্ষ স্থানৰ ক্ৰিকেটাৰসকলো। কিন্তু আয়কৰ প্ৰদানৰ ক্ষেত্ৰত এনে অভিনেতা–অভিনেত্ৰীৰ লগতে ক্ৰিকেটাৰসকলো পিছুৱাই থকাৰ অভিযোগো বহুদিনীয়া। ইয়াৰ মাজতে পোহৰলৈ আহিছে ‘২৪ত সৰ্বাধিক আয়কৰ দিয়া তাৰকাৰ তালিকা।

২০২৪ত সৰ্বাধিক আয়কৰ জমা দিয়া তাৰকা হৈছে শ্বাহৰুখ খান। শ্বাহৰুখ খানে জমা দিছে ৯২ কোটি টকাৰ আয়কৰ। শ্বাহৰুখ খানৰ পিছত আছে দক্ষিণৰ ছুপাৰষ্টাৰ থলপথি বিজয়। বিজয়ে জমা দিছে ৮০ কোটি টকাৰ আয়কৰ। ৭৫কোটিৰে ছলমান খান ৩য় স্থানত, ৭১ কোটিৰে বিগ বি আছে ৪ৰ্থ স্থানত।

২০২২ চনত সৰ্বাধিক আয়কৰ দাতা হিচাপে আয়কৰ বিভাগৰ পৰা সন্মান পত্ৰ লাভ কৰিছিল ‘খিলাড়ি’ অক্ষয় কুমাৰে। কিন্তু এইবাৰৰ তালিকাত নাম নাই অক্ষয় কুমাৰৰ।

আয়কৰ দিয়া ক্ৰিকেটাৰৰ তালিকাৰ শীৰ্ষত বিৰাট কোহলি। কোহলিয়ে আয়কৰ হিচাপে জমা দিছে ৬৬ কোটি টকা। ক্ৰিকেটাৰৰ তালিকাত ২য় স্থানত ধোনী, ৩য় স্থানত শচীন তেণ্ডুলকাৰ। ধোনীয়ে ৩৮ কোটি, তেণ্ডুলকাৰে ২৮ কোটি টকা আয়কৰ দিছে। অভিনেত্ৰীৰ তালিকাত ২০কোটি টকাৰে শীৰ্ষত কৰিণা কাপুৰ। তালিকাৰ ২য়, ৩য় স্থানত আছে ক্ৰমে, কায়েৰা আদৱানি, কেটৰিনা কাইফ। কমেডিয়ান কপিল শৰ্মাই ২৮ কোটিৰে তাৰকাৰ তালিকাত একাদশ স্থানত।

উল্লেখ্য যে ৭,৩০০কোটি টকাৰ সম্পত্তিৰে আটাইকৈ সম্পদশালী তাৰকা হিচাপে চিহ্নিত হৈছে শ্বাহৰুখ খান। সম্পত্তিৰ তালিকাত শ্বাহৰুখ খানৰ পিছত ২য় স্থানত আছে জুহি চাওলা আৰু তেওঁৰ পৰিয়াল। অমিতাভ বচ্চনৰ আছে ১৬০০ কোটি টকাৰ সম্পত্তি। অৱশ্যে তাৰকাসকলৰ উপাৰ্জনৰ দিশলৈ লক্ষ্য ৰাখি আয়কৰৰ পৰিমাণ আৰু বেছি হ’ব লাগে বুলি পৰ্যবেক্ষকসকলে মন্তব্য কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি বেলকনিতে কৰিব পৰা ৫টা খেতি

বাগিচাৰ কামক প্ৰায় সংখ্যকেই এনে এক চখ বুলি ভাবে...

‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে ৩টা মুখ্য লক্ষ্য সফলতাৰে অৰ্জন ভাৰতৰ

ভাৰত চৰকাৰৰ সূত্ৰৰ পৰা প্ৰকাশ পাইছে যে, পাকিস্তানত অৱস্থিত...

পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ ল’লে শিশুৰ

মাতৃ দিৱসৰ দিনাই মহানগৰীত ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমিকৰ সৈতে...

ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মোছ মিছাইলৰ সম্পৰ্ক

ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মস্কোভা নদীৰ নামেৰে নামাংকিত ভাৰতৰ দ্ৰুততম...