ছেঈফ আলী খানে সঁচাকৈ আক্ৰমণৰ বলি হৈছিল নে?

সঁচাকৈ আক্ৰমণৰ বলি হৈছিল নে ছেঈফ আলী খান? নে ছেঈফ আলী খানে আক্ৰমণৰ বলি হোৱা বুলি অভিনয় কৰিছে।

বিজেপি মন্ত্ৰী নিতেশ ৰাণেৰ মন্তব্যক লৈ নতুন বিতৰ্ক। পূৰ্বে শিৱসেনাৰ নেতা সঞ্জয় নিৰুপমেও একেই প্ৰশ্ন উত্থাপন কৰিছিল। কাৰণ ৬ স্থানত ছুৰীৰ আঘাত পোৱা ছেঈফ আলী খান ইমান সহজতেই সুস্থ হৈ উঠিল কেনেকৈ? ৬ ঘণ্টীয়া অস্ত্ৰোপচাৰৰ পাছত আই চি ইউত ভৰ্তি হোৱাৰ পাছত হঠাতেই কেনেকৈ সুস্থ হৈ উঠিল ছেঈফ আলী খান। সেই প্ৰশ্নই উত্থাপন কৰিছে মন্ত্ৰী নিতেশ ৰাণেই। তদুপৰি একাংশ বিৰোধী নেতাই কেৱল খান হ’লেহে মাত মাতে বুলি মন্তব্য কৰিছিল মন্ত্ৰীজনে। মন্ত্ৰী নিতেশ ৰাণেৰ মতে বিৰোধী নেতাসকলে হিন্দু অভিনেতাৰ কিবা হ’লে ওলাই নাহে। মন্ত্ৰীজনৰ এনে মন্তব্যৰ পাছত বিৰোধীয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰখনে ৰাজনীতি আৰু ধৰ্মক একাকাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিলে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ সভাপতিয়ে।

আনটো বাদেই আৰক্ষীৰ জালত পৰা আক্ৰমণকাৰী প্ৰকৃততে সেইজন আক্ৰমণকাৰী হয়নে নহয় তাক লৈও এতিয়া উঠিছে প্ৰশ্ন। এনেকৈয়ে এতিয়া আৰম্ভ হৈছে ৰাজনীতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...