ইউক্ৰেইনত যুঁজিছে নাটো কামাণ্ডোৱে

✒️অচিন্ত্য শৰ্মা

অবিশ্বাস্যভাবে দীঘলীয়া হৈ গৈছে ইউক্ৰেইন যুদ্ধ। যেন তুলনামূলকভাবে ক্ষুদ্ৰ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজি যুঁজি ভাগৰি পৰিছে মহাশক্তি ৰুছিয়া। যুদ্ধখন এনেদৰে অভাৱনীয়ভাবে দীঘল হৈ পৰাৰ পৰিণতিতে যে ৰুছিয়াৰ হাতত অস্ত্ৰভাণ্ডাৰ কমি আহিছে আৰু তাৰ পৰিণতিতে যে যুদ্ধৰ চোকো কমি আহিছে, সেই সংবাদ ইতিমধ্যে পৰিৱেশিত হৈছে বিভিন্ন মাধ্যমত। পিছে কিয় এনেদৰে দীঘলীয়া হৈ গৈছে যুদ্ধখন? কিয় দুৰ্বল, নিসংগ ইউক্ৰেইনৰ বিৰুদ্ধে দ্ৰুত বিজয় সাব্যস্ত কৰিব নোৱাৰিলে পুতিনে। কাৰ বলত যুদ্ধৰ সময়ছোৱাত বলীয়ান হৈ থাকিল নিৰ্বলী ইউক্ৰইন। লাহে লাহে ওলাইছে এই প্ৰশ্নৰ উত্তৰ। দৰাচলতে যুদ্ধকালীন ইউক্ৰেইনক যিমান নিসংগ বুলি ভবা হৈছিল, সিমান নিসংগ হৈ নাছিল আৰু নহয়ো। যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে জেলনস্কিয়ে পাই আছে নাটো শক্তিৰ অস্ত্ৰৰ সহায়ৰ লগতে মানবিক সহায়ো। যদিও ৰুছিয়াৰ লগত প্ৰত্যক্ষ সংঘাট পৰিহাৰ কৰাৰ স্বাৰ্থত নাটোৱে ইউক্ৰেইনলৈ দৃশ্যমানভাবে সৈন্য প্ৰেৰণ কৰা নাই; যুদ্ধৰ আৰম্ভনিৰ পৰাই মাৰ্কিণ চোৰাংচোৰা সংস্থা CIA আৰু নাটো কামাণ্ডো বাহিনীয়ে কাম কৰি আছে ইউক্ৰেইনৰ মাটিত। নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি CIA যুদ্ধ সংক্ৰান্তীয় সকলো গোপন তথ্য যোগান ধৰি আছে কিয়েভ মহলক। ইয়াৰ পূৰ্বে যুদ্ধ আৰম্ভ হোৱাৰ আগমূহূৰ্তত আমেৰিকাই ইউক্ৰেইনৰ পৰা আতৰাই নিছিল নিজৰ ১৫০ জনকৈ মিলিটাৰী ইন্সষ্ট্ৰাকটৰ। কিন্তু ইয়াৰ সমান্তৰালভাবে ইউক্ৰেইনে আৰম্ভ কৰিছিল নিজৰ সেনাবাহিনীৰ 10th Spcial Force Grop, শ্বামান মাজতে বেটেলিয়নৰ প্ৰশিক্ষণ। এই শ্বমান বেটেলিয়নেই যুদ্ধৰ মাজতে জাৰ্মানীত কোৱালিশ্যণ প্লেন ছেল স্থাপন কৰিছে আৰু চলাই আছে ৰুছ বিৰোধী প্ৰত্যাঘাট। সম্প্ৰতি ২০খন দেশ জড়িত থকা উক্ত ছেলৰ তত্বাবধানত আছে পেন্টাগনৰ ইউৰোপ কামাণ্ডো। আৰু ছেলটোৱে অপাৰেশ্যন চলাই আছে জাৰ্মানি উপৰি ফান্স আৰু ইংলেণ্ডৰ ভূমিৰপৰা। এইটো ছেলৰ দ্বাৰা ইউক্ৰেইনলৈ পশ্চিমীয়া অস্ত্ৰৰ যোগান বাধাহীন কৰি ৰখাৰ উপৰি সম্ভৱ হৈছে ৰুছিয়াৰ অন্তভাৰ্গত কূটাঘাট সংঘটিত কৰাও। ইতিমধ্যে মূল ৰুছ ভূখণ্ডতেই ৰহস্যজনকভাবে ধ্বং হৈছে ৰুছিয়াৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ আৰু যোগাযোগ কেন্দ্ৰ। সেই ৰহস্য যে কোৱালিশ্যন প্লেন ছেল, সেয়াও এতিয়া লুকাই থকা নাই।

কিন্তু অকল শ্বামান বেটেলিয়নেই নহয়; ইউক্ৰেনিয়ান সেনাৰ লগত কান্ধত কান্ধ মিলাই প্ৰত্যক্ষভাবে, অথচ অতি গোপনে যুজি আছে নাটো কামাণ্ডো বাহিনীয়ে। আনহাতে যুদ্ধখনত মাৰ্কিন বিমান বাহিনী আৰু এয়াৰ নেচনেল গাৰ্ডে গ্ৰে উলফ্ নামত ইউক্ৰেইনৰ সেনাক সহায় কৰি আছে জাৰ্মানীৰ ৰামষ্টেইন বিমানঘাটিৰ পৰা। মূলতঃ পশ্ছিমীয়া শিবিৰৰ পৰা পোৱা ইনটেলিজেন্স ইনপুটেই হৈছে আজিৰ দিনত ইউক্ৰেইনৰ মূখ্য শক্তি। ইউক্ৰেইনৰ সেনাই ইতিমধ্যে এমে এক টেবলেট কম্পিউটাৰ উপলব্ধ কৰোৱা হৈছে, যি কম্পিউটাৰত সংলগ্ন বেটেলফিল্ড এপৰ সহায়ত সহজ হৈ উঠিছে ৰুছিয়াৰ সম্পদক লক্ষ্য কৰা আৰু ধ্বংস কৰোটো। বাস্তবিকতে উচ্চ মানৰ চোৰাংচোৰা তথ্যৰ আধাৰতেই ইউক্ৰেইনে বিশাল ৰুছ যুদ্ধ জাহাজ মোস্কোভাকো ডুবাই দিব পাৰিছিল আৰু সেয়াই হৈ উঠিছিল যুদ্ধখনৰ অন্যতম টাৰ্ণিং পইন্ট।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...