ইউক্ৰেইন আক্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়া, কি হ’ব পৰিণতি?

ইউক্ৰেইন আক্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়া। ইউক্ৰেইন সীমান্তত ৰাছিয়াই সষ্টম কৰি ৰাখিছে কেইবা হাজাৰ সেনাৰ লগতে অত্যাধুনিক অস্ত্ৰ–শস্ত্ৰ। যিকোনো মুহূৰ্ততে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উপগ্ৰহৰ শেহতীয়া ছবিত ইউক্ৰেইন সীমান্তত দেখা গৈছে ৰাছিয়াৰ অত্যাধুনিক সমৰসজ্জা। ইয়াক লৈ সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ। ৰাছিয়াৰ এই ইউক্ৰেইন বিৰোধী স্থিতিক প্ৰতিহত কৰিবলৈ সমানে সাজু হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু নাটো বাহিনীয়ে। ইউক্ৰেইন উদ্ধাৰৰ বাবে অগ্ৰসৰ হোৱা মাৰ্কিন যুক্তৰাষ্ট্ৰয়ো প্ৰায় ৯ হাজাৰ সৈনিকক ইউক্ৰেইন সীমান্তলৈ প্ৰেৰণ কৰাৰ লগতে নাটোৱে অতিৰিক্ত সেনা বাহিনী প্ৰেৰণ কৰিছে ইউক্ৰেইনলৈ। ৰাছিয়াৰ এই সমৰসজ্জাৰ চুবুৰীয়া ৰাষ্ট্ৰ ক্ৰিমিয়া আৰু বেলাৰুছেও সহায় কৰিছে যদিও ৰাছিয়াই ৰে’লেৰে সীমান্তলৈ নিজাববীয়াকৈ প্ৰেৰণ কৰিছে বৃহৎ সংখ্যক সেনা আৰু অত্যাধুনিক যুদ্ধাস্ত্ৰ। এই অত্যাধুনিক অস্ত্ৰ–শস্ত্ৰৰ মাজত আছে কম দূৰত্বৰ ক্ষেপণাস্ত্ৰও। ৰাছিয়া চৰকাৰে বৰ্তমানলৈ ইউক্ৰেইন সীমান্তত নিয়োগ কৰিছে এক লক্ষাধিক সেনা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পেহেলগামৰ নৰসংহাৰত কিয় চৰ্চাত ৩ আদিল?

দেখাত মানুহ যেন লগা এজাক পশুৰ পাষৱিকতাত মুহূৰ্ততে তচনচ...

ভাৰতৰ সৈতে যুদ্ধ কিয় পাকিস্তানৰ বাবে অৰ্থনৈতিক আত্মহত্যা?

পাকিস্তানৰ অৰ্থনীতি বৰ্তমান সংকটৰ মুখামুখি। কোটি কোটি টকাৰ বিদেশী...

ভাৰতীয় সেনাই ১৯৭১ চনত এই পাকিস্তানী অঞ্চলসমূহ দখল কৰিছিল, ইন্দিৰা গান্ধীয়ে ১৯৭২ চনত ঘূৰাই দিছিল…

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ কেইবাটাও...

পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত ৭ জনক গ্ৰেপ্তাৰ

পেহেলগাম কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে পাকিস্তানক সমৰ্থনৰ...