ইউক্ৰেইন আক্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়া, কি হ’ব পৰিণতি?

ইউক্ৰেইন আক্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়া। ইউক্ৰেইন সীমান্তত ৰাছিয়াই সষ্টম কৰি ৰাখিছে কেইবা হাজাৰ সেনাৰ লগতে অত্যাধুনিক অস্ত্ৰ–শস্ত্ৰ। যিকোনো মুহূৰ্ততে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উপগ্ৰহৰ শেহতীয়া ছবিত ইউক্ৰেইন সীমান্তত দেখা গৈছে ৰাছিয়াৰ অত্যাধুনিক সমৰসজ্জা। ইয়াক লৈ সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ। ৰাছিয়াৰ এই ইউক্ৰেইন বিৰোধী স্থিতিক প্ৰতিহত কৰিবলৈ সমানে সাজু হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু নাটো বাহিনীয়ে। ইউক্ৰেইন উদ্ধাৰৰ বাবে অগ্ৰসৰ হোৱা মাৰ্কিন যুক্তৰাষ্ট্ৰয়ো প্ৰায় ৯ হাজাৰ সৈনিকক ইউক্ৰেইন সীমান্তলৈ প্ৰেৰণ কৰাৰ লগতে নাটোৱে অতিৰিক্ত সেনা বাহিনী প্ৰেৰণ কৰিছে ইউক্ৰেইনলৈ। ৰাছিয়াৰ এই সমৰসজ্জাৰ চুবুৰীয়া ৰাষ্ট্ৰ ক্ৰিমিয়া আৰু বেলাৰুছেও সহায় কৰিছে যদিও ৰাছিয়াই ৰে’লেৰে সীমান্তলৈ নিজাববীয়াকৈ প্ৰেৰণ কৰিছে বৃহৎ সংখ্যক সেনা আৰু অত্যাধুনিক যুদ্ধাস্ত্ৰ। এই অত্যাধুনিক অস্ত্ৰ–শস্ত্ৰৰ মাজত আছে কম দূৰত্বৰ ক্ষেপণাস্ত্ৰও। ৰাছিয়া চৰকাৰে বৰ্তমানলৈ ইউক্ৰেইন সীমান্তত নিয়োগ কৰিছে এক লক্ষাধিক সেনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...