১৯-অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া

ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈ থকা ১৯-অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ। শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা ছেমিফাইনেল মেচত ৯৬ ৰানত জয় কৰে টিম ইণ্ডিয়াই। ভাৰতৰ হৈ বেটিঙত অধিনায়ক যশ ধুলে ১১০ ৰানৰ বৰঙণি আগবঢ়ায় যাৰ ফলত ৫০ অভাৰত ভাৰতে সংগ্ৰহ কৰে ২৯০ ৰান।

লক্ষ্য অনুসৰণ কৰি কেংগাৰু বাহিনীয়ে ৪১.৫ অভাৰত কেৱল ১৯৪ ৰান কৰি ইনিংছৰ সমাপ্তি ঘটাই। এই জয়ৰ পিছত ভাৰতে ১৯-অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত অষ্টমবাৰৰ বাবে ফাইনেলত উপনীত হয়। অহা শনিবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...