১৯-অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া

ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈ থকা ১৯-অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ। শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা ছেমিফাইনেল মেচত ৯৬ ৰানত জয় কৰে টিম ইণ্ডিয়াই। ভাৰতৰ হৈ বেটিঙত অধিনায়ক যশ ধুলে ১১০ ৰানৰ বৰঙণি আগবঢ়ায় যাৰ ফলত ৫০ অভাৰত ভাৰতে সংগ্ৰহ কৰে ২৯০ ৰান।

লক্ষ্য অনুসৰণ কৰি কেংগাৰু বাহিনীয়ে ৪১.৫ অভাৰত কেৱল ১৯৪ ৰান কৰি ইনিংছৰ সমাপ্তি ঘটাই। এই জয়ৰ পিছত ভাৰতে ১৯-অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত অষ্টমবাৰৰ বাবে ফাইনেলত উপনীত হয়। অহা শনিবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...