প্ৰেমজনিত কাৰণতেই সংঘটিত হ’ল নেকি ৰূপহীহাটৰ গড়াজানৰ হত্যাকাণ্ড?

ৰূপহীহাটৰ গড়াজানত যোৱা ২২ নৱেম্বৰত সংঘটিত ঘটনাই আজিও শোকবিহ্বল কৰি ৰাখিছে সমগ্ৰ অঞ্চল। বুধবাৰে বিয়াৰ কথা আছিল যুৱতীগৰাকীৰ। সেই যুৱতীৰ পিতৃ-মাতৃ-ভগ্নীক নৃশংসভাবে হত্যা কৰিলে দুৰ্বৃত্তই। সেইখন ঘৰত চলে বিয়াৰ প্ৰস্ততি। বিবাহৰ বাবে আৰম্ভ হৈছিল পেণ্ডেলৰ কাম। শুকুৰবাৰে সন্ধিয়া বিয়া উপলক্ষে ভাতৃ ভাস্কৰজ্যোতি সৰকাৰৰ সৈতে কইনা বজাৰ কৰিবলৈ গৈছিল নগাঁৱলৈ। তেতিয়াই কোনেও সপোনতো নভবা ঘটনাটো সংঘটিত হৈছিল। দূৰ্বৃত্তই ঘৰত সোমাই ডিঙি ৰেপি হত্যা কৰিছিল গুণধৰ সৰকাৰ, পত্নী সৰোজিনী সৰকাৰ আৰু কন্যা জয়স্মিতা সৰকাৰৰ লগতে যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰক।

ঘটনাৰ ৬ দিন উকলি গ’ল। এতিয়া কইনাৰ ঘৰৰ চৌহদত বিৱাহৰ পেণ্ডেল আছে মানুহ নাই। নিমাওমাও পৰিৱেশ। দৰা-কইনা দুয়োজন আছে কিন্তু বিবাহ অনুষ্ঠিত হোৱা নাই। আজিও ভেদ হোৱা নাই ৰহস্য। কোনে সংঘটিত কৰিছিল সেই ঘটনা। তদন্ত, ন্যায় দাবী কৰিছে ৰাইজে।

ঘটনা ঘটি যোৱাৰ পাছতে আৰম্ভ হৈছিল অভিযোগ-প্ৰতি অভিযোগৰ খেল। কইনালৈ সন্দেহৰ আঙুলি টোৱাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৃত অনুপম সূত্ৰধৰৰ পৰিয়ালে। এতিয়াও সম্বিত ঘূৰাই পোৱা নাই মৃত গুণধৰ সৰকাৰৰ ডাঙৰ জীয়ৰীয়ে। এইবাৰ কইনাৰ পৰিয়ালে উত্থাপন কৰিছে আন কেতবোৰ অভিযোগ। অনুপম সূত্ৰধৰে ৬ মাহ পূৰ্বে ভাবুকি দিছিল বিয়াত বহিবলৈ ওলোৱা যুৱকক। গুণ্ডা বাহিনী লৈ ভাবুকি দিয়াৰ অভিযোগ।

অনুপমৰো হেনো বিয়া ঠিক হৈছিল। তেন্তে কিয় এই ঘটনা? প্ৰেমজনিত কাৰণতেই ঘটিল নেকি সেই ঘটনাটো? সকলো ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে তদন্ত কৰি ৰহস্য ভেদ কৰালৈ ৰৈ আছে সকলো।

Popular

More like this
Related

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...

“ভাৰতৰ প্ৰতি থকা প্ৰেমে সকলোকে একত্ৰিত কৰে”: মিজোৰামৰ ৭ বছৰীয়া কিড ষ্টাৰ লালডুহামীক গিটাৰ উপহাৰ দিলে অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়ত মিজোৰামৰ...

পাকিস্তান, ভূটানকে ধৰি ৪৩খন দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে তিনি স্তৰৰ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব...