যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আজান গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দিয়ালে চাৰিচকীয়া বাহনে। দুৰ্ঘটনাত থিতাতে নিহত বাহনখনত থকা দুজন ছাত্ৰই। মৃত ছাত্ৰ দুজনৰ নাম মুছতাফা মুজাহিদ আৰু ইৰফান হুছেইন। আনফালে সংকটজনক অৱস্থাত JMCHত ভৰ্তি বাহনখনত থকা আন দুগৰাকী ছাত্ৰী ক্ৰমে খুছবু নভেল আৰু আৰিনা বড়োক। নিহত-আহত আটাইকেইগৰাকী আছিল কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 03M 9957।

এই ভয়াৱহ দুৰ্ঘটনাত নিহত এজন ছাত্ৰৰ ঘৰ গোৱালপাৰাত। নিহত মোস্তাফাৰ ঘৰ গোৱালপাৰা চহৰৰ ২ নম্বৰ কল্পনা নগৰত। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল মোস্তাফা মুজাহিদ। MBAৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিল মোস্তাফা। ঘটনাৰ খবৰ পাই আত্মীয় ৰাওনা হৈছে যোৰহাটলৈ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...