উত্তৰ-পূৱ বেডমিণ্টন : মিক্সড ডাবলছৰো দূয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত

অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্ৰিয়া হাজৰিকাই চলিত য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ একক শাখাৰ খিতাপ লাভ কৰিছে৷

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ আজি হোৱা ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷

ইফালে, ১৯ বছৰ অনূৰ্ধ জুনিয়ৰৰ ছোৱালীৰ একক শাখাৰ ফাইনেলত অসম কন্যা শান্তিপ্ৰিয়াই মিজোৰামৰ লালৰিনকিমিক ২১-১২, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই খিতাপ দখল কৰিবলৈ সক্ষম হয়৷

বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ আৰু জুনিয়ৰ উভয় শাখাৰে মিক্সড ডাবলছৰো চেম্পিয়ন ট্ৰফী অসমৰ শ্বাটলাৰে অৰ্জন কৰে৷

সংগ্ৰাম চুতীয়া আৰু মনালী বৰাৰে গঠিত অসমৰ যুটিটোৱে ফাইনেলত নাগালেণ্ডক ২১-১২, ২১-১০ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ হস্তগত কৰাৰ বিপৰীতে জুনিয়ৰ মিক্সড ডাবলছৰ ফাইনেলত অসমৰ শুভাংকৰ দত্ত আৰু ভাৱিষ্যা চাংমাই যুটিয়ে মনিপুৰক ২১-১৪, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই সোণৰ পদক লাভ কৰে৷

ইফালে, অসমৰ শ্বাটলাৰে পুৰুষ-মহিলা আৰু জুনিয়ৰ ল’ৰা-ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে৷ অৱশ্যে ল’ৰাৰ ডাবলছৰ ফাইনেলত মনিপুৰৰ বিৰুদ্ধে অসমৰ আলবিৰ আমন আৰু ৰিতু প্ৰতিম বৰা ২১-১৪, ২১-১৮ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে৷

পুৰুষ-মহিলা আৰু ছোৱালীৰ ডাবলছ শাখাৰ তিনিখন ফাইনেলৰ লগতে ল’ৰা আৰু পুৰুষৰ একক শাখাৰ খিতাপৰ যুঁজ নিশালৈ অনুষ্ঠিত হ’ব বুলি অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনাইছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...