উত্তৰ-পূৱ বেডমিণ্টন : মিক্সড ডাবলছৰো দূয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত

অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্ৰিয়া হাজৰিকাই চলিত য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ একক শাখাৰ খিতাপ লাভ কৰিছে৷

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ আজি হোৱা ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷

ইফালে, ১৯ বছৰ অনূৰ্ধ জুনিয়ৰৰ ছোৱালীৰ একক শাখাৰ ফাইনেলত অসম কন্যা শান্তিপ্ৰিয়াই মিজোৰামৰ লালৰিনকিমিক ২১-১২, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই খিতাপ দখল কৰিবলৈ সক্ষম হয়৷

বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ আৰু জুনিয়ৰ উভয় শাখাৰে মিক্সড ডাবলছৰো চেম্পিয়ন ট্ৰফী অসমৰ শ্বাটলাৰে অৰ্জন কৰে৷

সংগ্ৰাম চুতীয়া আৰু মনালী বৰাৰে গঠিত অসমৰ যুটিটোৱে ফাইনেলত নাগালেণ্ডক ২১-১২, ২১-১০ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ হস্তগত কৰাৰ বিপৰীতে জুনিয়ৰ মিক্সড ডাবলছৰ ফাইনেলত অসমৰ শুভাংকৰ দত্ত আৰু ভাৱিষ্যা চাংমাই যুটিয়ে মনিপুৰক ২১-১৪, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই সোণৰ পদক লাভ কৰে৷

ইফালে, অসমৰ শ্বাটলাৰে পুৰুষ-মহিলা আৰু জুনিয়ৰ ল’ৰা-ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে৷ অৱশ্যে ল’ৰাৰ ডাবলছৰ ফাইনেলত মনিপুৰৰ বিৰুদ্ধে অসমৰ আলবিৰ আমন আৰু ৰিতু প্ৰতিম বৰা ২১-১৪, ২১-১৮ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে৷

পুৰুষ-মহিলা আৰু ছোৱালীৰ ডাবলছ শাখাৰ তিনিখন ফাইনেলৰ লগতে ল’ৰা আৰু পুৰুষৰ একক শাখাৰ খিতাপৰ যুঁজ নিশালৈ অনুষ্ঠিত হ’ব বুলি অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনাইছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...