লস্কৰ-ই-তৈবাৰ প্ৰশিক্ষণ লৈছিল জ্যোতি মালহোত্ৰাই!

যাৰ নাম শুনিলেই প্ৰায় প্ৰতিজন ভাৰতীয়ই ঘিণাত নাক কোচাই, সেই পাকিস্তানী সন্ত্ৰাসবাদী হাফিজ ছৈঈদৰ সংগঠন লস্কৰ ই তৈবাৰ সৈতে সম্পৰ্ক আছে ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ। মুম্বাই আক্ৰমণত জড়িত হাফিজ ছৈঈদৰ লস্কৰ ঈ তৈবাৰ মুখ্য প্ৰশিক্ষন কেন্দ্ৰত ১৪দিন প্ৰশিক্ষণ লৈছিল জ্যোতিয়ে।

প্ৰশিক্ষণ দি লস্কৰে জ্যোতিক ‘বৃহৎ অভিযান’ৰ দায়িত্ব দিছিল। পেহেলগাম কাণ্ডৰ দুমাহ পূৰ্বে পাকিস্তানলৈ গৈছিল জ্যোতি। পেহেলগামৰ নৰসংহাৰতকৈয়ো ভয়াৱহ কাণ্ডৰ পৰিকল্পনা কৰিছিল নেকি LeT-এ? হাৰিয়ানা আৰক্ষী আৰু NIA, IB-এ জ্যোতিক চলাই আছে জেৰা। চোৰাংচোৱাৰ হাতত পৰা তথ্য মতে পাকিস্তানৰ হৈ গুপ্তচৰগিৰি কৰাৰ প্ৰশিক্ষণ দিয়া হৈছিল জ্যোতিক। তদন্তকাৰীৰ ধাৰণা জ্যোতিৰ জড়িয়তে কৰিব খোজা বৃহৎ কুটাঘাতৰ পূৰ্বেই হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইউটিবাৰগৰকাকীক। তদন্তকাৰীৰ হাতত পৰা তথ্য মৰ্মে জ্যোতিৰ অভিযানত কমেও আন ২০জন জড়িত। এই ২০জন সামাজিক মাধ্যমত প্ৰভাৱশালী। তদন্তকাৰীৰ নজৰত আছে এই ২০ জন!

ইতিমধ্যে ব্লগ বনোৱাৰ নামত জ্যোতিয়ে তিনিবাৰ পাকিস্তান ভ্ৰমণ কৰিছে। দিল্লীস্থ পাকিস্তানৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ ক’মচাৰী ডানিছ নামৰ এজনৰ সৈতে ঘনিষ্ঠতা আছিল জ্যোতিৰ। ভাৰত–পাক সংঘাতৰ মাজতে ভাৰতত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত নতুন দিল্লীৰ পৰা বিতাড়িত কৰা হয় ডানিছক। পাকিস্তান ভ্ৰমণতো ডানিছৰ সৈতে সেখা গৈছিল জ্যোতিক। এই জ্যোতিৰ জৰিয়তে বহু ইউটিউবাৰৰ ব্ৰেইনৱাছ কৰিছিল ISI-এ। ইউটিউবাৰ জ্যোতিক ISI-এ সম্পদ হিচাপে ব্যৱহাৰ কৰিছিল।

তদন্তকাৰীয়ে জ্যোতি মালহোত্ৰাৰ ফটো, ভিডিঅ’ বিশ্লেষণ কৰি হতভম্ব হৈ পৰিছে। অতি স্পৰ্শকাতৰ স্থানত ছেল্ফী উঠিছে। দেখাত সাধাৰণ যেন লাগিলেই সেয়া একোটা অঞ্চলৰ অৱস্থিতি জনাৰ বাবে যথেষ্ট। দুবছৰত দুবাৰ কাশ্মীৰলৈ যোৱা জ্যোতিয়ে কাশ্মীৰৰ বিভিন্ন দিশৰ ভিডিঅ’ কৰে।

ৰে’ল ষ্টেচন, ৰাস্তা, আন্তঃগাঠনিৰ ভিডিঅ’ কৰিছিল জ্যোতিয়ে। যিমানেই তদন্ত আগবাঢ়িছে সিমানেই পাকত সোমাই পৰিছে জ্যোতি মালহোত্ৰা। ২০ হাজাৰ টকাত দিল্লীত চাকৰি কৰিবলৈ অহা জ্যোতিয়ে ৪ লাখ SUBSCRIBER লৈ কিদৰে চীনৰ ফাইভ ষ্টাৰ হোটেলত থাকিব পাৰে সেয়াও ৰহস্য। দিল্লীলৈ যাওঁ বুলি পাকিস্তান পাইছিলগৈ। জ্যোতিৰ ISI লিংক পোহৰলৈ অহাত সুৰ সলনি হৈছে জ্যোতিৰ পৰিয়ালৰো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...