উমৰাংছুৰ ঘটনাৰ শেহতীয়া আপডেট

উমৰাংছুৰ কয়লাখনিত আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে অব্যাহত অভিযান। উদ্ধাৰৰ বাবে বিশাখাপট্টনমৰ পৰা অনা হ’ব বিশেষ ডুবাৰু। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।

উমৰাংছুৰ কয়লাখনিত ৩ শ্ৰমিকৰ মৃত্যু । বৰ্তমানেও ১৫ জনৰো অধিক শ্ৰমিক আবদ্ধ খনিটোত। SDRF, NDRF, সেনাৰ অভিযান অব্যাহত। নিশাৰ পৰা অভিযান চলি আছে খনিটোত। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত। ৩০০ ফুট দ’ কয়লাখনিটোত পানী সোমোৱাত আবদ্ধ হয় শ্ৰমিক। প্ৰায় ১০০ ফুট গভীৰতালৈ সোমাল পানী। উমৰাংছু থানাৰ পৰা ২০ কিলোমিটাৰ নিলগত এই কয়লাখনি। খনিটোত আবদ্ধ হৈ আছে দলগাঁৱৰ ৩ শ্ৰমিক। আবদ্ধ মুস্তাফা শ্বেখ, হুছেইন আলী। আবদ্ধ হৈ আছে জাকিৰ হুছেইন। কোকৰাঝাৰৰ সৰ্পা বৰ্মন, খুচি মোহন ৰায় নামৰ দুজন শ্ৰমিকো আবদ্ধ। শোণিতপুৰৰ শৰৎ গয়াৰী, ডিমা হাচাওৰ লিজান মগৰো আবদ্ধ। পশ্চিমবংগ আৰু নেপালৰো শ্ৰমিক আছে খনিটোত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী কৌশিক ৰায়ৰ। পানীত ওপঙি থকা মৃতদেহ ৩টা উদ্ধাৰৰ চেষ্টা। আন কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ আশংকা কয়লাখনিটোত। NDRFএ খনিত নামি অভিযান চলাই যদিও উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিকক। গভীৰতালৈ যাব পৰা নাই অভিযানকাৰী দল। বিশেষ ডুবাৰু অনা হ’ব বিশাখাপট্টনমৰ পৰা। নৌসেনাৰ বিশেষজ্ঞ ডুবাৰুৱে অভিযান চলাব কয়লাখনিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...