উমৰাংছুৰ কয়লাখনিত ৩ শ্ৰমিকৰ মৃত্যু

উমৰাংছুৰ কয়লাখনিত ৩ শ্ৰমিকৰ মৃত্যু । বৰ্তমানেও ১৫ জনৰো অধিক শ্ৰমিক আবদ্ধ খনিটোত। SDRF, NDRF, সেনাৰ অভিযান অব্যাহত। নিশাৰ পৰা অভিযান চলি আছে খনিটোত। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত। ৩০০ ফুট দ’ কয়লাখনিটোত পানী সোমোৱাত আবদ্ধ হয় শ্ৰমিক। প্ৰায় ১০০ ফুট গভীৰতালৈ সোমাল পানী। উমৰাংছ’ থানাৰ পৰা ২০ কিলোমিটাৰ নিলগত এই কয়লাখনি। খনিটোত আবদ্ধ হৈ আছে দলগাঁৱৰ ৩ শ্ৰমিক। আবদ্ধ মুস্তাফা শ্বেখ, হুছেইন আলী। আবদ্ধ হৈ আছে জাকিৰ হুছেইন । কোকৰাঝাৰৰ সৰ্পা বৰ্মন, খুচি মোহন ৰায় নামৰ দুজন শ্ৰমিকো আবদ্ধ। শোণিতপুৰৰ শৰৎ গয়াৰী, ডিমা হাচাওৰ লিজান মগৰো আবদ্ধ। পশ্চিমবংগ আৰু নেপালৰো শ্ৰমিক আছে খনিটোত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী কৌশিক ৰায়ৰ। পানীত ওপঙি থকা মৃতদেহ ৩টা উদ্ধাৰৰ চেষ্টা। আন কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ আশংকা কয়লাখনিটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...