আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দললৈ অসমৰ উমা চেত্ৰী

আয়াৰলেণ্ডৰ বিৰুদ্ধে হবলগীয়া আইডিএফচি ফাৰ্ষ্ট বেংক তিনিখন এদিনীয়া আন্তৰ্জাতিক খেলৰ শৃংখলাৰ বাবে অসমৰ উইকেট ৰক্ষক বেটাৰ উমা চেত্ৰীয়ে ভাৰতীয় দলত স্থান লাভ কৰিছে । অহা ১০,১২ আৰু ১৫ জানুৱাৰীত ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত উক্ত তিনিখন খেল অনুষ্ঠিত হ’ব।

অভিনন্দন জ্ঞাপন কৰি এচিএৰ সভাপতি তৰংগ গগৈয়ে কয়, ‘উমাৰ নিৰ্বাচন অসম ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ বাবে আমি তেওঁক শুভকামনা জনাইছোঁ।’

আনহাতে এচিএৰ সম্পাদক ত্ৰিদিব কোঁৱৰে লগতে কয়, ‘উমাৰ এই কৃতিত্বৰ বাবে আমি অতিশয় গৌৰৱান্বিত । কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই তেওঁক ইমান দূৰলৈ আগুৱাই লৈ গৈছে আৰু আমি আশা কৰোঁ, তেওঁ ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিব আৰু অধিক উচ্চতাত উপনীত হ’ব।’

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰায়পুৰত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়; দ্বিতীয়খন T20ত জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত ভাৰতৰ

মহিলা ক্ৰিকেটত ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট...

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...