উলুবাৰীৰ পাৰিবাৰিক আদালতৰ সমীপতে পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি

মাহীয়েকৰ কোলাত এটি দুবছৰীয়া শিশু। বাৰে বাৰে মাকক বিচাৰি কেৱল কান্দিছে আৰু কান্দিছে। মাহীয়েকে সান্তনা দিবলৈ শিশুটিৰ হাতত তুলি দিছে কেইটামান চকলেট আৰু চিপচৰ পেকেট। উলুবাৰীত সংঘটিত এক গাৰ নোম শিয়ৰি উঠা ঘটনা। মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে থানবান হৈ গ’ল এখন সুখৰ সংসাৰ। পাৰিবাৰিক কন্দলৰ ভয়ংকৰ ছবিখন পুনৰবাৰ পোহৰলৈ আনিলে নলবাৰীৰ যুৱক ৰুবুল শৰ্মাই। চাৰে চাৰিবছৰ পূৰ্বে নলবাৰীৰ ৰুবুল শৰ্মাই লগ পাইছিল শ্ৰেয়া ভট্টাচাৰ্যক। তাৰ পিছৰে পৰা দুয়োৰে মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। আৰু ৪বছৰ পূৰ্বে ৰুবুলে বিবাহপাশত আবদ্ধ হৈছিল শ্ৰেয়াৰ সৈতে। ২টা বছৰ পূৰ্বে উলুবাৰীৰ ভোলানাথ মন্দিৰ পথৰ হাউচ নম্বৰ ১৮ত থাকিবলৈ লৈছিল ৰুবুল আৰু শ্ৰেয়াই। লাহে লাহে আগবাঢ়িছিল তেওঁলোকৰ সুখৰ সংসাৰ। পেচাত কেব চালক ৰুবুলে বহু কষ্টৰে চলাই গৈছিল সংসাৰখন। বিয়াৰ পিছতো আৰ্য কলেজৰ চতুৰ্থ ষান্মাষিকত অধ্যয়ন কৰি গৈছিল শ্ৰেয়াই। তেওঁলোকৰ জীৱনলৈ আহিছিল এটি কন্যা সন্তানো। এদিন-দুদিনকৈ কণমানি শিশুটিয়ে ২টা বছৰত ভৰি দিলে। মা-দেউতা বুলি মাতিব পৰা হ’ল শিশুটিয়ে। পৃথিৱীৰ মায়া-মোহ বুজি নোপোৱা কণমানি শিশুটিয়েও ভবা নাছিল ২০২৫চনৰ ১৬ফেব্ৰুৱাৰীৰ দিনটোতে ‘মা’ শব্দতো তাইৰ মুখৰ পৰা নোহোৱা হৈ যাব বুলি। কেতিয়াওভবা নাছিল তাইৰ পিতৃয়ে মাকক হত্যা কৰিব বুলি।

উলুবাৰীৰ পাৰিবাৰিক আদালতৰ সমীপতে পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। সামান্য কথাতে স্বামী ৰুবুল শৰ্মাই নৃশংসভাৱে হত্যা কৰিলে পত্নী শ্ৰেয়া ভট্টাচাৰ্যক। পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক নৃশংস হত্যা। শোৱাপাটীতে ৰডেৰে মৰিয়াই হত্যা কৰিলে শ্ৰেয়াক। খবৰ বিয়পি পৰাৰ পাছতে হাহাকাৰ লাগিল উলুবাৰীৰ ফেমিলি ক’ৰ্টৰ সমীপত। ঘটনা দেওবাৰৰ পুৱা প্ৰায় ৮ বজাৰ। হাউচ নম্বৰ ১৮ৰ গ্ৰাউণ্ড ফ্ল’ৰৰ বন্ধ কোঠাৰ বিচনাত পৰি ৰৈছিল ৰক্তাক্ত শ্ৰেয়া ভট্টাচাৰ্যৰ নিথৰ মৃতদেহ। পুৱা ৯:১০বজাত পল্টন বজাৰ থানাত আত্মসমৰ্পন কৰিলে ৰুবুল শৰ্মাই। আৰক্ষীৰ সন্মুখত স্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি — ‘মই মোৰ পত্নীক হত্যা কৰিছো’। ততাতৈয়াকৈ ৰুবুলক লগত লৈ ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী। মৃত শ্ৰেয়াৰ কাষতে পৰি ৰৈছিল হত্যাকাণ্ডত ব্যৱহৃত ৰডডাল। ৰডেৰে শ্ৰেয়াক মূৰত কোবাই হত্যা কৰিছিল স্বামী ৰুবুল শৰ্মাই। কেমেৰাৰ সন্মুখতো স্বামী ৰুবুলে দিলে কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তি — ‘অন্য যুৱকৰে আছিল পত্নীৰ অবৈধ সম্পৰ্ক। নগাঁৱৰ হেমন্ত কলিতা নামৰ যুৱকৰে আছিল শ্ৰেয়াৰ সম্পৰ্ক। অন্য যুৱকৰে ভিডিঅ’ বনাই মোলৈ প্ৰেৰণ কৰে শ্ৰেয়াই।’

ৰুবুলৰ সেই অভিযোগবোৰ পোনচাটেই নস্যাৎ কৰিছে শ্ৰেয়াৰ পৰিয়ালে। ‘অন্য কোনো যুৱকৰে সম্পৰ্ক নাই শ্ৰেয়াৰ। ঘৰৰ পৰা পত্নীক ওলাব নিদিয়ে ৰুবুলে — ভিতৰতে বন্দী কৰি ৰাখে শ্ৰেয়াক। ১৮ বছৰ নৌহ‌ওতে ৰুবুলে পলুৱাই আনি বিয়া কৰাইছে শ্ৰেয়াক।’ বিভিন্ন সময়ত শ্ৰেয়াক অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ ৰুবুলৰ বিৰুদ্ধে। বাল্য বিবাহৰ গোচৰতো ৰুবুলক গ্ৰেপ্তাৰ কৰাৰ দাবী শ্ৰেয়াৰ ভগ্নীৰ। আৰক্ষীৰ সন্দেহ পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যা। হত্যাকাণ্ডৰ সময়ত ঘৰটোৰ অন্য এটা কোঠাত আছিল শ্ৰেয়াৰ পিতৃ-মাতৃ আৰু ভগ্নী। কিন্তু কোনেও গম নোপোৱাকৈ অতি শীতল মস্তিস্কৰে ৰুবুলে হত্যা কৰিছিল শ্ৰেয়াক। পত্নীৰ পৰপুৰুষৰ লগত সম্পৰ্কৰ সন্দেহত থানবান হৈ গ’ল এখন সুখৰ সংসাৰ। ভাল-বেয়া বুজি নোপোৱা ২ বছৰীয়া শিশুটিয়ে এতিয়া মাতৃক বিচাৰি বিচাৰি কেৱল কান্দিছে আৰু কান্দিছে। তাইক এতিয়া কোনে বুজাব–তাইৰ মাক আৰু কোনোদিনে ঘুৰি নাহে। মাতৃক হত্যা কৰা পিতৃও আজিও কাৰাগাৰৰ বন্ধ কুঠৰীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...