ইতিবাচক…কিমান আৰু হত্যা-হিংসাৰ বাতৰি পঢ়িব? এনে খবৰ পঢ়ক যি খবৰে ভালে ৰাখে সমাজ, ভালে ৰাখে পৃথিৱী…

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই অসমীয়া চিনেমাৰ বাবে অসমত এতিয়া বাতিল কৰিবলগীয়া হৈছে হিন্দী চিনেমাৰ প্ৰদৰ্শনী। এতিয়া সৰ্বত্ৰ ‘ৰৈ ৰৈ বিনালে’ৰ জ্বৰ। জনপ্ৰিয়তাৰ শীৰ্ষত এতিয়া এটাই নাম, ‘ৰৈ ৰৈ বিনালে’। জয়যাত্ৰা অব্যাহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ। প্ৰথম দিনটোতে ২.৫২ কোটি টকা উপাৰ্জন কৰি বহু ছবিৰ অভিলেখ ভংগ কৰিলে ছবিখনে। দ্বিতীয়-তৃতীয় দিনাও একেই উচাহেৰে চলচ্চিত্ৰপ্ৰেমীয়ে উপভোগ কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবিখন। অসমৰ গাঁও-নগৰত ডেকা-বুঢ়া সকলোৰে মুখত এতিয়া ‘ৰৈ ৰৈ বিনালে’ৰ নাম। মুক্তিৰ প্ৰথম দিনটোৰ পৰাই অসমৰ ছবিগৃহসমূহত অভাৱনীয় ভিৰ। কেৱল অসমতে নহয়, উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ উপৰিও দেশৰ বহু স্থানত প্ৰদৰ্শিত হৈ আছে ‘ৰৈ ৰৈ বিনালে’। হিন্দী চিনেমা নচলা মিজোৰমাত ৰৈ ৰৈ বিনালে উপভোগ কৰিছে মিজো চলচ্চিত্ৰপ্ৰেমীয়ে। শ্বিলঙত চিনেমা চোৱাৰ পূৰ্বে অশ্ৰু অঞ্জলি যাচিছে প্ৰাণৰ শিল্পীক। অৰুণাচলত হাউছফুল ৰৈ ৰৈ বিনালে। চুবুৰীয়া প্ৰতিখন ৰাজ্যৰ চিনেমা হলত বিপুল সঁহাৰি দৰ্শকৰ। ইতিবাচক খবৰ এয়াই যে পূৰ্বতে অসমীয়া চিনেমা প্ৰদৰ্শিত নোহোৱা বহু ঠাইত এতিয়া প্ৰদৰ্শন হৈছে প্ৰাণৰ শিল্পীৰ সপোনৰ ছবিখন।

আজিৰ দিনটোত শিৱসাগৰৰ গায়েন গাঁৱতো দেখা গ’ল এটা ভাললগা দৃশ্য

হাতত নাহৰৰ পুলি লৈ প্ৰাণৰ শিল্পীজনৰ শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ চাবলৈ ওলাল এশগৰাকী ককা-আইতা

এই দৃশ্যই যেন নীৰৱে কৈ গৈছে বহু কথাই…জুবিন গাৰ্গৰ অন্তিমখন চিনেমাৰ পৰাই আৰম্ভ হওক সোণালী সুদিন!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...