গীত পৰিৱেশন কৰি থাকোতেই কিয় খং উঠিল প্ৰিয়ংকা ভৰালীৰ?

মঞ্চত গীত পৰিৱেশন কৰি থাকোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি থাকোতেই খং উঠিল কণ্ঠশিল্পীগৰাকী। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই মুহূৰ্তৰ ভিডিঅ’। মঞ্চৰ পৰা এজন অনুৰাগীক ঠেলি নমাই দিছিল প্ৰিয়ংকা ভৰালীয়ে। কিন্তু কিয়? প্ৰকৃততে কি হৈছিল চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মঞ্চত? সমগ্ৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দিলে প্ৰিয়ংকা ভৰালীয়ে। তেওঁ লিখিছে,

‘‘ আজি মই এক বিশেষ কথা লিখিবলৈ বাধ্য হৈছোঁ। যিটো বিষয়ৰ বিষয়ে আকৌ পাতিবলৈ মন নাছিল, কিন্তু আজি স্পষ্টীকৰণ দিবলৈ বাধ্য হ’লোঁ। অতি দুখেৰে জনাব লাগিছে যে যেতিয়ালৈকে সম্পূৰ্ণ কথাখিনি গম পোৱা নাযায়, তেতিয়ালৈকে কিছুমান মানুহে আধৰুৱা মোবাইল ভিডিঅ’ বা কথাৰে ভুল বুজাই আৰু দেখুৱাই থাকে।
যোৱা ৩ মে’ তাৰিখে চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনীত অনুষ্ঠানৰ বাবে গৈছিলোঁ। আৰম্ভণিৰ সময়খিনি খুবেই ভাল আছিল। কিন্তু যিমান সময় আগুৱাই যাব ধৰিলে, সিমানেই পৰিৱেশ বেয়া হ’বলৈ ধৰিলে। এখন মঞ্চ বনোৱা হৈছিল অনুষ্ঠান পৰিৱেশন কৰিবলৈ, কিন্তু তাত পৰিৱেশন কৰাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ একেবাৰে নাছিল।
মঞ্চত পৰিৱেশন কৰি থাকোঁতে বাৰে বাৰে যাৰ যেতিয়া মন গৈছে মঞ্চত উঠি নাচি-বাগি, ছেলফি লৈ অনুষ্ঠানত অসুবিধা সৃষ্টি কৰিছিল। আমি বাৰে বাৰে অনুৰোধ কৰিলেও কোনোৱে কথাৰ গুৰুত্ব নিদিলে। বাদ্যযন্ত্ৰীৰো বহুবাৰ অসুবিধা হোৱাৰ বাবে বাদ্যযন্ত্ৰৰ সংযোগৰ তাৰ ছিঙি বন্ধ হৈ গৈছিল, কিন্তু তথাপিও কোনোৱে অনুৰোধ মানিবলৈ আগ্ৰহ নেদেখুৱালে। কৰ্মকৰ্তা সকলে বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে গুৰুত্ব নিদিলে।
তাৰ পিছত কিছুমান মানুহে মঞ্চৰ আগ-পিছ দুয়োফালৰ পৰা জপিয়াই আহি ভিডিঅ’ কৰিছিল বা ফটো লৈছিল, আৰু ফটো লোৱাৰ নামত গাত হাত দি অপমান কৰিছিল। কিছুমান মদ্যপান কৰা ব্যক্তিয়ে ফটো তুলিবলৈ আহি বেয়াকৈ হাত দি মোক অপমান কৰে। তাৰ পিছত এখন কাজিয়াৰ সৃষ্টি হয়, যেতিয়া আমি মানুহ আতৰাবলৈ বাধ্য হৈছিলোঁ।
তাৰ পিছতো গীত পৰিৱেশন কৰাৰ সময়ত আকৌ কিছুমান মানুহে কথা নামানি মঞ্চত উঠি অসুবিধা সৃষ্টি কৰে। এইবাৰ জুবিনদা বিহীন মঞ্চত তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাই আমি সকলোৱে তেওঁৰ গীতেৰে তেওঁক স্মৰণ কৰিছোঁ। সকলে মঞ্চসমূহত তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশেষ এখন ঠাই ৰখা হৈছে । কিন্তু সেই ঠাইৰ কাষত তেনেদৰে আচৰণ কৰা দেখি খুব দুখ লাগে। মন ডাঠ কৰি কৰ্ম কৰিবলৈ যাওঁ, ভয় লাগে, দুখ লাগে। তাৰ পিছত যেতিয়া এনে হয়, খুব দুখ লাগে। তেতিয়া ভাবো—কিয় গাই আছোঁ? এজনী নাৰী, ছোৱালী হৈ যেতিয়া গীত গাবলৈ যাওঁ, তেতিয়া মোৰ নিৰাপত্তা ক’ত? আৰু এখন মঞ্চ এখন ঘৰোৰ চোতালৰ দৰে হ’ব নোৱাৰে। যি কোনো কলা-কৌশলীয়েই নহওঁক কিয়, তেওঁলোকে পৰিবেশন কৰিবলৈ এনেদৰে পৰিৱেশ এটা হওঁক, য’ত সেইখিনি সময়ত মঞ্চখনৰ কিছু মৰ্যাদা থাকে।ঘৰোৰ চোতালত পতা বিহুৰ দৰে যদি যাৰ যেতিয়া মন, যি অৱস্থাতে যেনেকে মন মঞ্চলৈ আহি এনেধৰণৰ অপমান আৰু ব্যৱহাৰ কৰিব পাৰে, তেন্তে মঞ্চ এখনৰ প্ৰয়োজন ক’ত?এজনী মহিলা কণ্ঠশিল্পী হিচাপে যেতিয়া ৰাতি ৰাতি এনেকুৱা পৰিৱেশত গীত পৰিবেশন কৰিবলৈ যাওঁ আৰু তাত যেতিয়া কোনোবাই বেয়াকৈ গাত হাত দিয়ে, কঁকালত ধৰে, পিঠিত চিকুতে ফতো তুলিবলৈ অহাৰ নামত ..আৰু তাৰ পিছতো যেতিয়া গীত গাব লাগে, আৰু যেতিয়া এইবোৰ সহ্য কৰি আকৌ একেই হয়, তেতিয়া এটা ধৈৰ্যৰ সীমা ভাঙি যায়।অসমত এনেকুৱা কেৱল মোৰ লগত নহয়, বহুতো শিল্পীৰ লগত বহু ঠাইত হৈ আছে।
এইয়া অতি দুখৰ কথা। আৰু বেছি দুখ লাগে যেতিয়া কিছুমান মানুহে গোটেই কথা নাজানি আনৰ চকুত বেয়া কৰিবলৈ আধা-আধৰুৱা কথা বিয়পাই আৰু তলুঙা মন্তব্য দিয়ে। তেখেতসকললৈ মোৰ এটা প্ৰশ্ন—
আপোনালোকৰ নিজৰ ছোৱালী, বাইদেউ, বা আন কোনো আপোনজনৰ লগত যদি এনেধৰণৰ ব্যৱহাৰ হয় আৰু যদি তেওঁ নিজৰ কাৰণে মাত মাতে, তেতিয়া তেওঁলোক আপোনালোকৰ চকুত কি হ’ব?’’

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই ভিডিঅ’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...