ধুবুৰীৰ ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিক্ষাৰ নামত ছিণ্ডিকেট।
ধুবুৰীৰ ঝগ্ৰাৰপাৰত ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান।
ভুৱা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে দুদিন পূৰ্বে আৰক্ষীয়ে লাভ কৰিছিল বহু তথ্য।
ইংলিছ একাডেমীৰ বিৰুদ্ধে ভুৱা ডিগ্ৰী প্ৰদানৰ অভিযোগ।
শিক্ষাৰ ভুৱা চাৰ্টিফিকেট টকাৰ বিনিময়ত যোগান ধৰে প্ৰতিষ্ঠানখনে।
ইংলিছ এডুকেশ্যন একাডেমীৰেই অসমত আছে ২০টাৰো অধিক শাখা।
পলাতক ভুৱা মাৰ্কশ্বীট কাণ্ডৰ মাষ্টাৰ মাইণ্ড জাহিদুল হুছেইন।
পোহৰলৈ আহিছে আন বহু চাঞ্চল্যকৰ তথ্য।
ভুৱা প্ৰতিষ্ঠানটোৰ প্ৰচাৰ চলাইছিল কেইবাজনো জনপ্ৰিয় ইউটিউবাৰে।
প্ৰতিষ্ঠানখনৰ প্ৰচাৰত জড়িত কোচবিহাৰৰ ইউটিউবাৰ উজ্জ্বল বৰ্মনো।
শিল্পী জুবিন গাৰ্গৰ নাম লৈয়ো সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ অভিযোগ।
কেইবাগৰাকীও এজেণ্টে শিক্ষাৰ্থী যোগান ধৰিছিল প্ৰতিষ্ঠানখনত।
NKTV Plusৰ হাতত পৰিছে কেইবাগৰাকীও এজেণ্টৰ ফোন নম্বৰ।
পলাতক জাহিদুল হুছেইনে উপাৰ্জন কৰিছিল কোটি কোটি টকা।
ধুবুৰী আৰক্ষীৰ বিৰুদ্ধেও তদন্ত লেহেমীয়া কৰাৰ অভিযোগ।
বৰ্তমানলৈ আৰক্ষীয়ে সোধা-পোছা কৰা নাই প্ৰচাৰ চলোৱা এজনো ইউটিউবাৰক।
মাষ্টাৰমাইণ্ড জাহিদুল হুছেইনক বিচাৰিয়েই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ঘটনাক লৈ সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...