পেহেলগামৰ নৰসংহাৰত কিয় চৰ্চাত ৩ আদিল?

দেখাত মানুহ যেন লগা এজাক পশুৰ পাষৱিকতাত মুহূৰ্ততে তচনচ হৈ পৰিল বহু জীৱন…পেহেলগামৰ নৃশংস ঘটনাই বুকু কঁপাই তুলিছে প্ৰতিজন লোকৰ। বৰ্বৰ ঘটনাক বিশ্বজুৰি গৰিহণা। পেহেলগামৰ ঘটনাৰ পাছতেই চৰ্চালৈ আহিছে ৩ আদিলৰ প্ৰসংগ। ৩ আদিলৰ পৃথক পৃথক কাহিনী। দুজন আদিলৰ কথা আপোনালোকে নিশ্চয় শুনিছে। বিশেষকৈ চৰ্চা লাভ কৰিছে ছৈয়দ আদিল হুছেইন শ্বাহে। আদিল হুছেইন শ্বাহ আছিল এজন ঘোঁৰাচালক। সন্ত্ৰাসবাদীৰে যুঁজি যুঁজি নিজৰ জীৱন বলিদান দিলে এজন ঘোঁৰাচালক আদিলে। সন্ত্ৰাসবাদীৰ পৰা অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰিছিল আদিল হুছেইন শ্বাহে। দ্বিতীয়জন আদিল আছিল পেহেলগামৰ নৃশংস কাণ্ডৰ ঘাটক। ২৬জন পৰ্যটকক হত্যা কৰাৰ আঁৰত আছিল দ্বিতীয়জন আদিল। এজন আদিলে নৃশংস আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছিল পৰ্যটকক। কিন্তু দ্বিতীয়জন আদিলে পৰ্যটকক কৰিলে হত্যা। ইতিমধ্যে সন্ত্ৰাসবাদী আদিলৰ স্কেটছ প্ৰকাশ কৰিছে প্ৰশাসনে। শ্ৰীনগৰৰ পৰা ৫০ কিলোমিটাৰ দক্ষিণত বাস কৰিছিল সন্ত্ৰাসবাদী আদিলে। এতিয়া প্ৰসংগ: তৃতীয়জন আদিলৰ। তৃতীয়জন আদিলক পোহৰলৈ আনিছে NKTV PLUS-এ। NKTV PLUSৰ গ্ৰাউণ্ড জিৰ’ ৰিপৰ্টত পোহৰলৈ আহিছে তৃতীয়জন আদিল। ঘটনাৰ পাছতে সেই স্থানত প্ৰথম উপস্থিত হৈছিল আদিল। আদিলে কৈ গ’ল বিভিষীকাময় সময়ৰ পিছৰ কাহিনী। কেনেকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ গৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত লোকক। সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত কি অৱস্থা হৈছিল পেহেলগামৰ সেই স্থানত। এই সন্দৰ্ভত নিউজ এডিটৰ গালিবুৰ ৰহমান, ভিডিঅ’ জাৰ্নেলিষ্ট আছিক আহমেদৰ আগত কৰি গ’ল ইটোৰ পাছত সিটো শিহৰণকাৰী বৰ্ণনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...