কাশ্মীৰত পুনৰ ৩ সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস

কাশ্মীৰত পুনৰ ৩ সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস। লস্কৰ-ই-তৈবাৰ ৩ সদস্যৰ ধ্বংস বাসগৃহ। পুলৱামাত আহছান শ্বেখ, ছপিয়ানত ছাহিদ আহমেদ কুট্টিৰ বাসগৃহ ধ্বংস। কুলগামত সন্ত্ৰাসবাদী জাহিদ আহমেদৰ বাসগৃহ ধ্বংস। পেহেলগামৰ নৰসংহাৰৰ সৈতে জড়িত আছিল আটাইকেইটা সন্ত্ৰাসবাদী। স্থানীয় সন্ত্ৰাসবাদীকেইটাই পাকিস্তানী সন্ত্ৰাসবাদীক কৰিছিল সহযোগ। শুকুৰবাৰে নিশা নিৰাপত্তাৰক্ষীয়ে ধ্বংস কৰে সন্ত্ৰাসবাদীকেইটাৰ বাসগৃহ। বাসগৃহ ধ্বংসৰ পূৰ্বে সন্ত্ৰাসবাদীৰ পৰিয়ালৰ সদস্যসকলক কৰা হয় স্থানান্তৰ। বৃহস্পতিবাৰে নিশাও কাশ্মীৰত আন দুটা সন্ত্ৰাসবাদীৰ বাসগৃহ কৰিছিল ধ্বংস। পেহেলগামৰ ঘটনাৰ পিছতে কাশ্মীৰত চলিছে সন্ত্ৰাসবাদবিৰোধী তীব্ৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...