কাশ্মীৰত পুনৰ ৩ সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস

কাশ্মীৰত পুনৰ ৩ সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস। লস্কৰ-ই-তৈবাৰ ৩ সদস্যৰ ধ্বংস বাসগৃহ। পুলৱামাত আহছান শ্বেখ, ছপিয়ানত ছাহিদ আহমেদ কুট্টিৰ বাসগৃহ ধ্বংস। কুলগামত সন্ত্ৰাসবাদী জাহিদ আহমেদৰ বাসগৃহ ধ্বংস। পেহেলগামৰ নৰসংহাৰৰ সৈতে জড়িত আছিল আটাইকেইটা সন্ত্ৰাসবাদী। স্থানীয় সন্ত্ৰাসবাদীকেইটাই পাকিস্তানী সন্ত্ৰাসবাদীক কৰিছিল সহযোগ। শুকুৰবাৰে নিশা নিৰাপত্তাৰক্ষীয়ে ধ্বংস কৰে সন্ত্ৰাসবাদীকেইটাৰ বাসগৃহ। বাসগৃহ ধ্বংসৰ পূৰ্বে সন্ত্ৰাসবাদীৰ পৰিয়ালৰ সদস্যসকলক কৰা হয় স্থানান্তৰ। বৃহস্পতিবাৰে নিশাও কাশ্মীৰত আন দুটা সন্ত্ৰাসবাদীৰ বাসগৃহ কৰিছিল ধ্বংস। পেহেলগামৰ ঘটনাৰ পিছতে কাশ্মীৰত চলিছে সন্ত্ৰাসবাদবিৰোধী তীব্ৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...