শুভ্ৰ ছাদৰৰ তলত জম্মু-কাশ্মীৰ

প্ৰৱল তুষাৰপাতত বিপৰ্যস্ত জনজীৱন। ব্যাহত যান-বাহনৰ চলাচল। শ্ৰীনগৰৰ পথত ৩ইঞ্চি পৰ্যন্ত জমা হৈছে বৰফ। গান্দেৰৱাল, অনন্তনাগ, কুলগাঁও, পুলৱামা জিলাতো প্ৰৱল তুষাৰপাত হৈছে। কাশ্মীৰৰ বৰফে ঢকা সৌন্দৰ্য চাবলৈ যোৱা পৰ্যটকো বন্দী হৈ আছে হোটেলত। পৰ্যটকৰ অন্যতম আকৰ্ষণ স্কাই ৰিৰ্জট, সৌনবাৰ্গ, পলেহগ্ৰামৰ পৰ্যটনস্থলী ঢাকিছে বৰফে।

তুষাৰপাতৰ ফলত বন্ধ হৈ পৰিছে জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথ, মোগল ৰোড। স্নকাটাৰেৰে পথ মুকলি কৰাৰ বাবে চেষ্টা চলাইছে প্ৰশাসনে। বছৰৰ শেষত হিমাচলপ্ৰদেশতো প্ৰৱল তুষাৰপাত হৈছে। শুকুৰবাৰে পুৱাৰে পৰা হোৱা তুষাৰপাতত আৱদ্ধ হৈ পৰিছে পৰ্যটক। হিমাচলতো চলিছে স্নকাটাৰ অভিযান। জৰুৰীকালীন সেৱাত নিয়োজিত সকলো নামি পৰিছে পৰ্যটকক সহায়ৰ বাবে। কিন্তু প্ৰত্যাহ্বানৰ মাজতো অপৰূপ সৌন্দৰ্যই বিৰাজ কৰিছে দুয়োখন ৰাজ্যত। পৰ্যটকে উপভোগ কৰিছে এই নৈসৰ্গিক দৃশ্য।

এনে অৱস্থাৰ সন্মুখীন হ’বলৈকে আহে পৰ্যটক। প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে তেওঁলোকে। গতিকে দুয়োখন ৰাজ্যলৈ আহিয়েই আছে দলে দলে পৰ্যটক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...