অন্ধ্ৰপ্ৰদেশত তৈল খেজুৰৰ কৃষি পদ্ধতি অধ্যয়ন কৰিবলৈ কৃষক সমন্বিতে লখিমপুৰ জিলা কৃষি বিভাগৰ দল

অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা আয়োজন কৰা ক্ষেত্ৰ অধ্যয়ন(Exposure Visit)ৰ অংশ হিচাপে কৃষক সমন্বিতে
লখিমপুৰ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ এটি দল তিনিদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হয়। ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ আঁচনিৰ অধীনত এই ক্ষেত্ৰ অধ্যয়নৰ মুখ্য উদ্দেশ্য হ’ল তৈল খেজুৰৰ কৃষি পদ্ধতি, সংশাধন প্ৰক্ৰিয়া ও এই খেতিৰ লগত জড়িত আনুষংগিক দিশসমূহৰ বিষয়ে অৱগত হোৱা।

জিলা অতিৰিক্ত আয়ুক্ত (কৃষি) শ্ৰীমতী কুকিলা গগৈ আৰু “ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ(NMEO-OP)”ৰ জিলা নডেল বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে অন্ধ্ৰপ্ৰদেশত তৈল খেজুৰৰ খেতিৰ বিভিন্ন পদ্ধতি সম্বন্ধীয় দিশবোৰ তন্ন তন্ন কৈ প্ৰত্যক্ষ কৰাৰ লগতে লখিমপুৰত তৈল খেজুৰৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তাসমূহ আৰু এই খেতিৰ জৰিয়তে কৃষকসকল আগন্তুক সময়ত কেনেদৰে লাভান্বিত হ’ব পাৰি সেই দিশসমূহ পৰ্যবেক্ষণ কৰে।

লখিমপুৰৰ পৰা ৰাওনা হোৱা দলটোৱে তিনিওটা দিনত অন্ধ্ৰপ্ৰদেশৰ দেৱেৰাপল্লিত থকা জুবেনাইল উদ্যান, নাল্লাজেৰলা, মৰাণপুড়ী, দেৱৰপল্লিত থকা তৈল খেজুৰৰ উদ্যান, ডুবাচেৰীত থকা থ্ৰি এফ অক্ষয়া কেন্দ্ৰকে আদি কৰি অইল পাম খেতিৰ বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোক সহায় কৰে আঁচনি ৰূপায়ণৰ বাবে লখিমপুৰ জিলাৰ দায়িত্বত থকা থ্ৰী এফ অইল কোম্পানীয়ে।

জিলা অতিৰিক্ত আয়ুক্ত কুকিলা গগৈয়ে এই ভ্ৰমণ কালত তৈল খেজুৰৰ লগত আনুষংগিক কেনেধৰণৰ আন্তঃ শস্য খেতি কৰিলে কৃষকসকলে অধিক লাভৰ মুখ দেখিব, সেই দিশত তথ্য ভিত্তিক খতিয়ান লয়। ইফালে জিলা নডেল বিষয়াই কৃষকসকলক অইল পামৰ খেতিৰ লগত জড়িত বিভিন্ন কাৰিকৰী তথা বিজ্ঞানসন্মত দিশসমূহৰ লগতে বৃক্ষ ৰোপণৰ পৰা আৰম্ভ কৰি ফল লগালৈকে ল’বলগীয়া বিভিন্ন পদ্ধতি আৰু সাৱধানতাৰ সন্দৰ্ভত বিস্তৃত ৰূপত বুজাই দিয়ে।

উল্লেখ্য যে, উক্ত দলটোত আছে লখিমপুৰৰ অইল পাম খেতিৰ প্ৰতি আগ্ৰহী তথা ইতিমধ্যে বহল ভিত্তিত অইল পামৰ গছ ৰোপণ কৰা প্ৰগতিশীল কৃষক ক্ৰমে পংকজ বৰা, মুকুট হাজৰিকা, ৰাজীৱ কোঁচ ইত্যাদি। নিশ্চিতভাৱে এই ভ্ৰমণে অনাগত সময়ত লখিমপুৰৰ লগতে অন্যান্য কৃষকসকলকো এই খেতিৰ সন্দৰ্ভত অধিক উপকৃত কৰিব।

জিলা অতিৰিক্ত আয়ুক্ত আৰু আঁচনিৰ জিলা নডেল বিষয়াৰ লগতে তিনিদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশলৈ যোৱা দলটোত আছে ঢকুৱাখনা, চাবতি, বগিনদী, পানীগাওঁ আৰু দ’লহাট কৃষি চক্ৰৰ কৃষি উন্নয়ণ বিষয়াসকল আৰু আঁচনিৰ জিলা কাৰিকৰী সহায়ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...