ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ অসমবাসীলৈ শুভেচ্ছা

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

আজি এক বিবৃতিযোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে, নৱবৰ্ষই সদায় নতুন আশা কঢ়িয়াই অনাৰ লগতে নতুন উৎসাহ আৰু উদ্দীপনাৰে আগুৱাই যোৱাৰ বাবে সকলোকে উৎসাহিত কৰে। বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ অপূর্ব মিলনভূমি অসমৰ বাৰেৰহণীয়া জীৱনধাৰাক ইংৰাজী নৱবৰ্ষৰ ন-প্রভাতে নতুন প্রত্যয় তথা উদ্যমেৰে আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা যোগাব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে আশা প্রকাশ কৰে যে নতুন বছৰটোৱে চহকী আৰু স্বকীয় পৰম্পৰা তথা গৰিমামণ্ডিত ঐতিহ্যৰে সমৃদ্ধ ৰাজ্যখনৰ জনসাধাৰণৰ মাজৰ সম্প্ৰীতিৰ এনাজৰি অধিক সুদৃঢ় কৰি তুলিব। নৱবৰ্ষৰ শুভক্ষণত আর্থ-সামাজিক উন্নতি আৰু প্ৰগতিৰ এক নতুন দিগন্তলৈ ৰাজ্যখনক লৈ যোৱাৰ ক্ষেত্ৰত অধিক দায়বদ্ধতাৰে নিজ নিজ কর্মযজ্ঞত আত্মনিয়োগ কৰিবলৈ ৰাজ্যবাসীক মুখ্যমন্ত্রীয়ে আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...