ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ অসমবাসীলৈ শুভেচ্ছা

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

আজি এক বিবৃতিযোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে, নৱবৰ্ষই সদায় নতুন আশা কঢ়িয়াই অনাৰ লগতে নতুন উৎসাহ আৰু উদ্দীপনাৰে আগুৱাই যোৱাৰ বাবে সকলোকে উৎসাহিত কৰে। বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ অপূর্ব মিলনভূমি অসমৰ বাৰেৰহণীয়া জীৱনধাৰাক ইংৰাজী নৱবৰ্ষৰ ন-প্রভাতে নতুন প্রত্যয় তথা উদ্যমেৰে আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা যোগাব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে আশা প্রকাশ কৰে যে নতুন বছৰটোৱে চহকী আৰু স্বকীয় পৰম্পৰা তথা গৰিমামণ্ডিত ঐতিহ্যৰে সমৃদ্ধ ৰাজ্যখনৰ জনসাধাৰণৰ মাজৰ সম্প্ৰীতিৰ এনাজৰি অধিক সুদৃঢ় কৰি তুলিব। নৱবৰ্ষৰ শুভক্ষণত আর্থ-সামাজিক উন্নতি আৰু প্ৰগতিৰ এক নতুন দিগন্তলৈ ৰাজ্যখনক লৈ যোৱাৰ ক্ষেত্ৰত অধিক দায়বদ্ধতাৰে নিজ নিজ কর্মযজ্ঞত আত্মনিয়োগ কৰিবলৈ ৰাজ্যবাসীক মুখ্যমন্ত্রীয়ে আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...