মুখ্যমন্ত্রীয়ে শুভ উদ্বোধন কৰিলে পল্টন বজাৰৰ পদ সেতু

পুনৰ নিৰ্মাণ তথা আধুনিকীকৰণ কৰা ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্র ‘শান্তিস্থল’ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে

নৱবৰ্ষত নতুন উদ্দীপনাৰে ৰাজ্যখনৰ উন্নয়নক এক বিশেষ মাত্ৰা প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত পদসেতু আৰু ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰ শান্তিস্থলৰ পুনৰ নিৰ্মাণ আৰু আধুনিকীকৰণ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ব্যস্ত পথসমূহ অতিক্ৰম কৰাৰ দিশত আহি পৰা সমস্যা লাঘৱ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো পদসেতু ইতিমধ্যে নিৰ্মাণ কৰিছে। আজি মুখ্যমন্ত্ৰীয়ে পল্টন বজাৰৰ পদসেতুখন ৰাইজৰ সেৱাৰ বাবে উৎসর্গিত কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ১৭.৫০ মিটাৰ দৈৰ্ঘ্যৰ পদসেতুখন ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১৬.৬৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে কয় যে এই পদসেতুখন নিৰ্মাণৰ ফলত যান-বাহনৰ গতি স্তিমিত নকৰাকৈ পথচাৰীসকলে নিৰাপদে জিএছ ৰোড পাৰ হোৱাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা যাত্ৰীসকলে ৰে’লৱে ষ্টেশ্যন তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানলৈ সহজে অহা-যোৱা কৰিব পাৰিব। এই অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ভাৰত মাতৃৰ সুযোগ্য সন্তান, দেশৰ স্বাধীনতা যুঁজৰ অন্যতম নায়ক তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈ আৰু তেওঁৰ সহধর্মিনী সুৰবালা বৰদলৈৰ গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত সমাধি ক্ষেত্র ‘শান্তিস্থল’ৰ পুনৰ নিৰ্মাণ তথা আধুনিকীকৰণ কৰি নতুনত্ব প্ৰদান কৰা প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ জন্ম জয়ন্তী আৰু মৃত্যু তিথিৰ দিনা তেওঁৰ অনুগামী আৰু কৃতজ্ঞ অসমীয়া লোকসকল ইয়াত সমবেত হয়। এই সমাধি ক্ষেত্রখন অধিক গৰিমামণ্ডিত আৰু মহীয়ান কৰি তোলাৰ লক্ষ্যৰে এই প্রকল্পটো ৰূপায়ণ কৰা হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে নৱ বৰ্ষৰ প্ৰথম দিনটোতে এই প্রকল্পটো ৰাইজৰ সেৱাত উৎসর্গিত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...