ইলেকট্রিক বাছ সেৱা প্ৰদানৰ দিশত অসমে দেশৰ ভিতৰতে ষষ্ঠ স্থান অধিকাৰ কৰিছে: মুখ্যমন্ত্রী

৫৬ খন নতুন ইলেকট্রিক বাছ সেৱা শুভাৰম্ভ কৰাৰ লগতে খানাপাৰাত নৱ- নির্মিত আন্তঃৰাজ্যিক বাছ টার্মিনেল শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

পৰিৱেশ অনুকূল ব্যৱস্থাৰাজিৰ মাজেৰে অসমখন আগুৱাই নিবলৈ ৰাজ্য চৰকাৰে সংকল্প লৈছেঃ মুখ্যমন্ত্রী

অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীয়ে পাবলগীয়া অৱসৰকালীন ভাট্টা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ২৫ কোটি টকা: মুখ্যমন্ত্রী

নামনি অসমৰ যাত্ৰীসকলৰ সুবিধার্থে জালুকবাৰীত স্থাপন কৰা হ’ব আন্তঃৰাজ্যিক বাছ আস্থানঃ মুখ্যমন্ত্রী

ৰাজ্যখনৰ পথ পৰিবহণ ব্যৱস্থাটো অধিক সূচলতৰ কৰাৰ লগতে স্বচ্ছ আৰু সেউজ ইন্ধন ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ অনুকূল বাছসেৱাক অধিক গতি প্ৰদানৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নৱ বৰ্ষৰ আৰম্ভণিৰ দিনাই গুৱাহাটী মহানগৰীৰ বাবে ৫৬ খন নতুন ইলেকট্রিক বাছ সেৱাৰ শুভাৰম্ভণি কৰাৰ লগতে খানাপাৰাত নৱ-নির্মিত আন্তঃৰাজ্যিক বাছ টার্মিনেলৰ শুভ উদ্বোধন কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই সকলোকে নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে ২০২৫ বৰ্ষৰ আৰম্ভণিৰ দিনটোত গুৱাহাটীৰ পৰিবহণ ব্যৱস্থাত নতুন দিশ সংযোজনেৰে ৫৬ খন বাতানুকূল ইলেকট্রিক বাছ সেৱাৰ শুভাৰম্ভণি কৰা হৈছে। স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি অসম চৰকাৰৰ দায়বদ্ধতা প্রকাশ কৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্রাস কৰণৰ জৰিয়তে পৰিৱেশ অনুকূল ব্যৱস্থাৰাজিৰ মাজেৰে অসমখনক আগুৱাই লৈ যাবলৈ ৰাজ্য চৰকাৰে যি সংকল্প লৈছে তাৰ অংশ হিচাপে এই ইলেকট্রিক বাছ সেৱা মুকলি কৰা হৈছে বুলি তেওঁ কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...