‘ডানা’ৰ শেহতীয়া খবৰ কেৱল NKTV PLUSত

বংগোপ সাগৰত নিম্নচাপৰ ফলত সৃষ্টি ধুমুহা জাকে দুৰ্বাৰ গতিত বৃত্তাকাৰে ঘূৰি ঘূৰি ক্রমশঃ আগবাঢ়িছে বংগ-ওড়িশাৰ উপকূলৱৰ্তী এলেকালৈ। ইতিমধ্যে ‘ডানা’ৰ প্রভাৱত বিস্তীৰ্ণ এলেকাত বলিছে বেগী বতাহ। ধাৰাসাৰ বৰষুণেও বুৰাইছে বিস্তীৰ্ণ এলেকা। ক্রমশঃ ওড়িশা আৰু বংগৰ উপকূলৱৰ্তী এলেকাত আৰম্ভ হৈছে বৰষুণ। পুৰী-সাগৰ আইলেণ্ডৰ পৰা ভিতৰকণিকা ৰাষ্ট্রীয় উদ্যান পৰ্যন্ত হ’ব মুষলধাৰ বৃষ্টি।

ওড়িশাত NDRFৰ ২০টা, SDRFৰ ৫১টা বাহিনী নিয়োজিত। ১৫৮ প্লেটুন আৰক্ষী, ২০০টা অগ্নিনিৰ্বাপক বাহিনীৰ দল সাজু উদ্ধাৰ অভিযানৰ বাবে। আজি সন্ধিয়া ৬ বজাৰ পৰা বন্ধ ঘোষণা কলকাতা বিমানবন্দৰ
বন্ধ ঘোষণা বংগ-বিহাৰৰ মাজেৰে পাৰ হোৱা ৩০০ ৰে’ল।

চাইক্লোন ৰিমেলে যোৱা মে’ মাহৰ শেষ ভাগত ওড়িশাত সৃষ্টি কৰা ধ্বংসলীলাৰ ৫ মাহ পাছতে আন এক ধুমুহা ঘূৰ্ণি ডানাই কোবাই যাব ওড়িশাৰ উপকূল। ৰিমেলৰ প্রভাৱত ভাৰত আৰু বাংলাদেশৰ ১৬জন লোকৰ মৃত্যু হৈছিল। উত্তৰ-পূৰ্বাঞ্চলত সেই ধুমুহাৰ ফলত হোৱা ভূস্খলনত প্রায় ৩০জন লোক নিহত হৈছিল। বিধ্বস্ত হৈছিল কেইবাসহস্রাধিক ঘৰ–দুৱাৰ। এইবাৰ যাতে ‘ডানা’ই বিশেষ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে সাজু হৈছে প্রশাসন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...