ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা প্ৰতিবাদত ওচৰত নতি স্বীকাৰ কৰি পদত্যাগ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীজনে জনালে পদত্যাগৰ কথা। নীটৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলে শিক্ষাৰ্থীৰ মাজত হাহাকাৰ সৃষ্টি কৰা লগতে ২০ গৰাকীৰো অধিক শিক্ষাৰ্থীৰ আত্মহত্যাই জোকাৰিছিল দেশ। সোনম ৱাংচুকৰ অনশনৰ মাজতে আৰম্ভ হ’ল ক’কৰোছ জনতা পাৰ্টীৰ প্ৰতিবাদ। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ল যন্তৰ–মন্তৰত। কেন্দ্ৰীয় চৰকাৰেৰে তৃতীয়লানি আলোচনাৰ পূৰ্বে CJP-য়ে ঘোষণা কৰিলে–ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ গত্যন্তৰ নাই। অৱশেষত সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই ছচিয়েল মিডিয়াত প্ৰধানৰ পদত্যাগৰ কথা ঘোষণা।

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ পদত্যাগ পত্ৰ। দেশৰ যুৱ সমাজক সম্বোধন কৰি ধৰ্মেন্দ্ৰ প্ৰধানে পোষ্টত লিখিলে– ‘দেশৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, আৱেগ, আশাক মই গভীৰভাৱে সন্মান কৰো। ভাৰতৰ যুৱ প্ৰজন্মৰ সপোন বাস্তৱায়িত কৰাটো আমাৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত এক নৈতিক প্ৰতিশ্ৰুতি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত জাতিৰ সেৱা কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ছ’চিয়েল মিডিয়াৰ পোষ্টত প্ৰধানে লগতে উল্লেখ কৰে ২০২৬ চনৰ ৩ মে’ত অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষা সন্দৰ্ভত অনিয়ম প্ৰসংগ। প্ৰধানে লগতে কয়– ‘প্ৰথম দিনাৰ পৰাই মই সম্পূৰ্ণ দায়িত্ব লৈছিলো আৰু কেতিয়াও পৰিস্থিতিৰ পৰা আঁতৰি যোৱা নাছিলো। মই দৃঢ়প্ৰতিজ্ঞ আছিলোঁ যে কোনো মেধাসম্পন্ন ছাত্ৰৰ সম্ভাৱনাক ‘পৰীক্ষা মাফিয়া’ৰ দ্বাৰা নষ্ট হ’বলৈ নিদিওঁ বা কোনো ছাত্ৰৰ ওপৰত কোনো অন্যায় হ’বলৈ নিদিওঁ। ১৬ জুলাইত ঘোষণা কৰা NEET-UGৰ ফলাফল সন্তোষজনক আছিল, য’ত অসুবিধাগ্ৰস্ত পটভূমিৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিছিল।’

প্ৰধানে উল্লেখ কৰে–’আমাৰ গণতন্ত্ৰৰ শক্তিৰ ওপৰত মই সদায় অটল বিশ্বাস ৰাখিছোঁ আৰু যুৱ প্ৰজন্মৰ আকাংক্ষা, সপোন, আশাক গভীৰভাৱে সন্মান জনাইছোঁ। তেওঁলোক কেৱল ভাৰতৰ ভৱিষ্যত নহয়; তেওঁলোক হৈছে নতুন আৰু উন্নত ভাৰতৰ শিখাবাহক, সৃষ্টিকৰ্তা আৰু স্থপতিবিদ। যোৱা দহ দিনৰ পৰিঘটনাবোৰে মোক বেদনা দিছে। এইটো মোৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠাৰ কথা নহয়। যুৱ শক্তি দেশৰ প্ৰকৃত শক্তি। দেশৰ যুৱক-যুৱতীক বিভ্ৰান্তিৰ জালত বন্দী হ’বলৈ নিদিয়াটো মোৰ সংকল্প। যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই মোৰ পদত্যাগ পত্ৰ মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰিছোঁ।’

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে। লগতে মন্ত্ৰী পৰিষদৰ মোৰ সকলো সতীৰ্থ, মন্ত্ৰালয়ৰ বিষয়া আৰু কৰ্মচাৰী ধন্যবাদ জনাই প্ৰধানে। এই পোষ্ট ছ’চিয়েল মিডিয়া প্ৰকাশ পোৱাৰ পিছতে যন্তৰ–মন্তৰত ধ্বনিত হ’ল ছাত্ৰ একতা জিন্দাবাদ। সোনম ৱাংচুকে ক’লে–’এয়া গণতন্ত্ৰৰ জয়।’

প্ৰধানৰ পদত্যাগৰ লগে লগে CJPৰ মূল দাবী পুৰণ হ’ল। ইতিমধ্যে চৰকাৰে CJPৰ আন দুটা দাবী মানি লৈছিল। নীটৰ বাবে আত্মহত্যা কৰা ছাত্ৰৰ পৰিয়ালক ক্ষতিপুৰণ দিয়া আৰু আন্দোলত অংশ লোৱা ছাত্ৰৰ বিৰুদ্ধে কোনো গোচৰ নোলোৱাৰো দাবী। প্ৰধানৰ পদত্যাগে প্ৰতিবাদ প্ৰসমন কৰিব বুলি ধাৰণা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...

CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী...

USLR-ৰ উদ্যোগত আজি কেন্দ্ৰীয় প্ৰেক্ষাগৃহত “ADRSCRED” শীৰ্ষক এখন বিশেষ বক্তৃতা অনুষ্ঠান

"ন্যায় তেতিয়াহে সাৰ্থক হয়, যেতিয়া ই ন্যায়সংগতভাৱে, মৰ্যাদাৰে আৰু...