একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ’ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব। বানাক্ৰান্তৰ চকুলো দেখি চকুলো নিগৰিছে লাখ লাখ অসমীয়াৰ। বানত ককবকাই থকা অসমীয়াৰ বাবে মাত মাতিছে বলীউডৰ তাৰকাই। বন্যাৰ্তৰ কাষলৈ ঢাপলি মেলিছে ভাষা-বৰ্ণ-ধৰ্ম নেওচি হৃদয়বান মানুহবোৰ। এই দুৰ্বিসহ সময়তো সুযোগ লবলৈ এৰা নাই এচাম দুৰ্বৃত্তই। বানত জুৰুলা অসহায় খিলঞ্জীয়াৰ নামতো জনপ্ৰিয় হোৱাৰ, উৰাবাতৰি বিয়পোৱাৰ অপচেষ্টা একাংশৰ। নাম ভুৱা, উপাধি ভুৱা. ফটো ভুৱা, পৰিচয় ভুৱা, ধৰ্ম ভুৱা, কৰি থকা কাম ভুৱা, ভুৱাৰ এক দীঘলীয়া তালিকা।

নিজকে মহান, দানবীৰ সজাবলৈ এইদৰে এনে বিপদৰ সময়ত কেনেকৈ ভাবিব পাৰে আজিৰ মানুহে? এটা একাউণ্ট। এটা পোষ্ট। তাৰ পিছতেই ৰাজ্যজুৰি চৰ্চা। সামাজিক মাধ্যমযোগে উজনি অসমৰ বানাক্ৰান্তলৈ ৫ মাহৰ ঘৰৰ ভাড়া আৰু ৪ মাহৰ দৰমহাৰ মুঠ ১৮ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে ফৰিছা চুলতানা নামৰ এগৰাকী যুৱতীয়ে। লগে লগেই একাংশই ভগৱান সজালে যুৱতীগৰাকীক। সংবাদ মাধ্যমতো প্ৰকাশ পালে বাতৰি। কিন্তু সময় বাগৰাৰ লগে লগেহে পোহৰলৈ আহিল আচল কথা। যুৱতীগৰাকী আচলতে যুৱতী নাছিল। এটা ফেক একাউণ্টৰ পৰাহে কোনো দুৰ্বৃত্তই কৰিছিল এই পোষ্ট। আনকি একাউণ্টটোৰ পৰা আপলোড কৰাৰ টকাৰ ফটোবোৰো আছিল ডাউনলোড কৰা। পৰিস্থিতিৰ উমান পায়েই দুৰ্বৃত্তই ডিলিট কৰিলে সেই পোষ্ট।

কিন্তু ইয়াৰ আঁৰত কি উদ্দেশ্য আছিল দুৰ্বৃত্তৰ? আপুনি যদি একাউণ্টটো ভালকৈ চায় তেতিয়া দেখিব যে একাউণ্টটোত সময়ে সময়ে কৰা হৈছিল হিন্দু-মুছলমানৰ মাজত বিভেদ আনিব পৰা কেতবোৰ পোষ্ট। ব্যৱহাৰ কৰা হৈছিল এগৰাকী যুৱতীৰ পোষ্ট। কোন আছিল যুৱতীগৰাকী? একাউণ্টটোত থকা ফটোখন আছিল উত্তৰ প্ৰদেশৰ এগৰাকী শিক্ষয়িত্ৰীৰ। শিক্ষয়িত্ৰীগৰাকীৰ ফটোখন ব্যৱহাৰ কৰি কোনো দুৰ্বৃত্তই সংঘটিত কৰিছিল নিকৃষ্ট কাণ্ড।

বানত ককবকাইছে অসমে। চকুৰ সমুখতে আপোন মানুহবোৰক হেৰুৱাই দিশহাৰা এতিয়া ৰাইজ। আজিও সপোনৰ ঘৰখনলৈ উভতিব নোৱাৰা বানাক্ৰান্তই আশ্ৰয় ল’বলগা হৈছে ৰে’লপথ নাইবা ওখ স্থানত। কিন্তু এই দুৰ্যোগৰ মাজতে কোনো দুৰ্বৃত্তই সংঘটিত কৰা এই কাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। যিয়েই ঘটনাৰ বিষয়ে অৱগত হৈছে তেঁৱেই গৰিহণা দিছে সমগ্ৰ ঘটনাক। এতিয়া একাউণ্টটোৰ গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিবনে কোনো ব্যৱস্থা, সেয়াহে লক্ষণীয় হ’ব।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...