আৱামী লীগৰ নেতৃত্ব দিবলৈ আহি আছে হাচিনাৰ পুত্ৰ!

বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। অৰ্থনীতিবিদ মহম্মহ ইউনিছৰ নেতৃত্ব গঠন হোৱা চৰকাৰে শান্তি প্ৰতিষ্ঠাৰ চেষ্টা কৰিলেও শান্ত হোৱা নাই বাংলাদেশ। আৱামী লীগৰ নেতা-কৰ্মীৰ নিধন যজ্ঞ চলি আছে। ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগত উত্তাল হৈছে ৰাজপথ। এনে সময়তে বিতাড়িত প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ পুত্ৰ ছাজিৱ ৱাজেদ জয়ে আৱামী লীগৰ প্ৰেৰণা হিচাপে অৱতীৰ্ণ হোৱাৰ চেষ্টা কৰিছে। ৱাজেদ জয়ে মন্তব্য কৰিছে, ‘ মাতৃ শ্বেখ হাচিনাই পদত্যাগ কৰা নাই। মহম্মদ ইউনিছৰ নেতৃত্বত গঠন হোৱা চৰকাৰখন অসাংবিধানিক। অনিৰ্বাচিত চৰকাৰে এক মিনিটো দেশ চলাব নোৱাৰে। শ্বেখ হাচিনাই আনুষ্ঠানিকভাবে পদত্যাগ কৰা নাই। সাংবিধানিকভাবে এতিয়াও শ্বেখ হাচিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী।

কিন্তু শ্বেখ হাচিনাই দেশ ত্যাগ কৰাৰ পাছতে সেনাপ্ৰধানে মন্তব্য কৰিছিল, হাচিনাই পদত্যাগ কৰিহে বাংলাদেশ এৰি হৈছে। তাৰ পিছত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। পিছে হাচিনাৰ পুত্ৰই এই চৰকাৰক অসাংবিধানিক বুলি আখ্যা দিয়াৰ লগতে অভিযোগ কৰিছে বৰ্তমান বাংলাদেশত সংখ্যালঘূৰ ওপৰত নিৰ্যাতন চলিছে। মাতৃক ভাৰতত আশ্ৰয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ জনাইছে হাচিনাৰ পুত্ৰই।

ইফালে বাংলাদেশৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো দেশখনৰ বিভিন্ন স্থানত আৱামী লীগৰ একাংশ নেতা-কৰ্মী ৰাজপথলৈ ওলাই আহিছে। গোপালগঞ্জৰ কোটালীপাৰাত আৱামী লীগ আৰু সহযোগী দলৰ এক বিশাল সমাৱেশ অনুষ্ঠিত হৈছে। শ্বেখ হাচিনাক পুনৰ দেশলৈ ঘূৰাই অনাৰ দাবী উঠিল এই সমাৱেশত। সমৱেত সকলে হাচিনাক ঘূৰাই অনাৰ বাবে শপতো ল’লে। এন পৰিস্থিতিত পুনৰ এবাৰ বাংলাদেশ উত্তপ্ত হোৱাৰ শংকা আছে। সেয়া যি নহওক এই সময়ত বংলাদেশৰ পৰা শ্বেখ হাচিনাৰ চিন মোকাম নাইকীয়া কৰি দিয়াৰ চেষ্টা চলিছে। আৱামী লীগৰ নেতা-সাংসদৰ ঘৰ-দুৱাৰ জ্বলিছে। হত্যালীলা চলিছে। বংগবন্ধুৰ মূৰ্তি পৰ্যন্ত ভাঙি পেলোৱা হৈছে। এতিয়া বাংলাদেশৰ টাকা সলনি কৰাৰ দাবী উত্থাপন হৈছে। ঢাকাৰ পৰা শ্বেখ মজিবুৰ ৰহমানৰ ফটো গুচাই দিয়াৰ বাবে উঠা দাবীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰকো প্ৰভাৱিত কৰিছে। মুদ্ৰা সলনি কৰা সংস্থাসমূহত চলিছে মন্দাৱস্থা। ব্যৱসায়ীসকলে শংকা কৰিছে বাংলাদেশত বিমুদ্ৰাকৰণৰ এক পৰিস্থিতি উদ্ভৱ হ’ব পাৰে। এনে হ’লে অৰ্থনৈতিক বিপৰ্যয়ো আহব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...