সাৱধান! এইকেইখন জিলাত বৃদ্ধি পাইছে এইডছ ৰোগী।

দেশৰ আন ৰাজ্যৰ তুলনাত অসমত এইডছ আক্ৰান্তৰ হাৰ কম হৈছে। বৰপেটাত HIV এইডছ সম্পৰ্কীয় কৰ্মশালা এখনত অংশগ্ৰহন কৰি জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াই জনালে এই কথা৷ বৰপেটা পেঞ্চনাৰ ভৱনত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহন কৰি জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিলে আন এক তথ্য৷ বৰপেটা, কোকৰাঝাৰ, বাক্সা, বঙাইগাঁও আৰু চিৰাং জিলাত পূৰ্বৰ তুলনাত হ্ৰাস পাইছে HIV এইডছ ৰোগী৷ জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীৰ মতে, ক’ভিডকালীন পৰিস্থিতিক লৈ চৰকাৰে জাৰি কৰা লক ডাউনৰ সময়ছোৱাত বৰপেটা, কোকৰাঝাৰ, চিৰাং, বঙাইগাও, ধুবুৰী, বাক্সা আদি জিলাসমূহত HIV এইডছ সংক্ৰমণ হ্ৰাস পাইছিল৷ অৱশ্যে ইয়াৰ বিপৰীতে উক্ত সময়ছোৱাত গোলাঘাট, মৰিগাঁও আৰু নগাঁৱত HIV এইডছৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ অৱশ্যে দেশৰ আন ৰাজ্যৰ তুলনাত অসমত এইডছ সংক্ৰমণৰ হাৰ কম বুলিও জানিবলৈ দিয়ে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীয়ে৷

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...