উদ্বেগজনক! ৰাজ্যত ক’ভিডত আক্ৰান্তৰ হাৰ ১২.১৬ %

অসমত পুনৰ ৫,৫৮০জন লোক আক্ৰান্ত হৈছে ক’ভিডত। যোৱা ২৪ ঘণ্টাত প্ৰায় ৬ হাজাৰ লোকৰ দেহত পোৱা গৈছে ক’ভিড। কেৱল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১,১৭২জন লোক। ২৪ ঘণ্টাত ক’ভিডত ১৩জন লোকৰ মৃত্যু ঘটিছে। ইফালে ৰাজ্যত আৰোগ্যৰ হাৰ ৯১.৯৯ শতাংশ। আজি প্ৰায় ৪৫,৯০০টা টেষ্ট কৰা হৈছিল, ইয়াৰে ৫,৫৮০গৰাকী লোক ক’ভিড পজিটিভ পোৱা গৈছে। সামগ্ৰিকভাবে অসমত পজিটিভিটীৰ হাৰ ১২.১৬ শতাংশ। আনহাতে, শুকুৰবাৰৰ তুলনাত আজি সামান্য পৰিমাণে হ্ৰাস পায় ক’ভিড আক্ৰান্ত। শুকুৰবাৰৰ দিনটোত অসমত আক্ৰান্ত হৈছিল ৬,৮৯৭জন। অৱশ্যে শুকুৰবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ আছিল ১২.১৩ %। শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছিল ১,৫৬১জন। একেদৰে শুকুৰবাৰে ১৫জন লোকৰ মৃত্যুৰ বিপৰীতে আজি মৃত্যু ঘটে ১৩জন লোকৰ। শুকুৰবাৰে ৰাজ্যত আৰোগ্যৰ হাৰ আছিল ৯২.৩১%।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...