জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…

বহুকেইটা অসমীয়া ছবিত গীত গাইছিল কোকিলকণ্ঠী লতা মংগেশকাৰে। ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা, কথা আৰু সংগীত ব্যৱস্থাপনাৰে সেই সময়ত এনে অসংখ্য ছবিৰ বাবে লতা মংগেশকাৰে কালজয়ী গীত গাইছিল। ভাৰতৰত্ন ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা এৰা বাটৰ সুৰ ছবিখনত ১৯৫৬ চনতেই লতা মংগেশকাৰে গাইছিল এটি কালজয়ী গীত। সেই গীতটো আছিল ‘জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…’। এই গীতটিৰ কথা, সুৰ আৰু সংগীত আছিল ভূপেন হাজৰিকাৰ। ‘ মই অধাই জলধিৰ মাজলৈ’ শীৰ্ষক গীতটো গাইছিল লতা মংগেশকাৰে। ‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ শীৰ্ষক গীতটোতো কণ্ঠদান কৰিছিল লতাই। ভূপেন হাজৰিকাৰ সৈতে ‘দুয়ো মুখামুখি’ শীৰ্ষক গীতটোতো কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। শনি তালুকদাৰে ৰচনা কৰা আকাশ অ’ আকাশ মোক জোনাকী এমুঠি দিয়া গীতটো গাইছিল লতা মংগেশকাৰে। অপৰাজেয় ছবিখনত এই গীতটো গাইছিল লতা মংগেশকাৰে। ৯২ বছৰ বয়সত মৃত্যুৰ পিছতে দেশজুৰি শোকৰ ছাঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...