অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিল ‘লাপাতা লেডিজ’

ছেপ্টেম্বৰ মাহত ভাৰতীয় ফিল্ম ফেডাৰেচনে প্ৰকাশ কৰিছিল এক বিবৃতি। ২০২৫ত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত ‘লাপাতা লেডিজ’এ ভাৰতক প্ৰতিনিধিত্ব কৰিব বুলি প্ৰকাশ পাইছিল সেই বিবৃতিত। সেই খবৰটোৱে যথেষ্ট আনন্দিত কৰিছিল ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীক। অক্টোবৰ মাহত আমেৰিকাত ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰিছিল আমিৰ খান আৰু কিৰণ ৰাওৱে। শেহতীয়াকৈ লণ্ডনতো প্ৰদৰ্শিত হৈছিল ‘লাপাতা লেডিজ’। বিগত মাৰ্চ মাহত মুক্তিলাভ কৰিছিল কিৰণ ৰাও পৰিচালিত ছবিখন। ‘লাপাতা লেডিজ’ যথেষ্ট সমাদৰ লাভ কৰিছিল দৰ্শকৰ। সমালোচকেও প্ৰশংসাৰে উপচাই পেলাইছিল ‘লাপাতা লেডিজ’ক। বিদেশী দৰ্শকৰ উপযোগী হোৱাকৈ ‘লষ্ট লেডিজ’ নামেৰে নতুন নামাকৰণো কৰা হ’ল লাপাতা লেডিজক। ভাৰতৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছিল ‘লাপাতা লেডিজ’। কিন্তু শেহতীয়াকৈ আহিল এক দুখৰ খবৰ। আগন্তুক ৯৭ সংখ্যক অস্কাৰৰ বাবে ১০ টা শাখাত চৰ্টলিষ্ট ঘোষণা কৰে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েঞ্চে। কিন্তু সেই তালিকাত নাম নাহিল ‘লাপাতা লেডিজ’ৰ। এই খবৰে দুখিত কৰিছে ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীক। ২০২৪ৰ ১ মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰিছিল ‘লাপাতা লেডিজ’। ভাৰতৰ গ্ৰাম্য পটভূমিত নিৰ্মিত ছবিখনত স্পষ্ট হৈছিল দুগৰাকী গাঁৱলীয়া কইনাৰ কাহিনী। শেহতীয়াকৈ লণ্ডনতো প্ৰদৰ্শিত হৈছিল ‘লাপাতা লেডিজ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...