এইবাৰ চৰকাৰী বিদ্যালয়ৰ ভূমিত চলিছে ভূ-মাফিয়াৰ দাদাগিৰি

যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উঠি পৰি লাগিছে সেই সময়তে ধিঙৰ এখন চৰকাৰী বিদ্যালয়ৰ ভূমিত চলিছে ভূ-মাফিয়াৰ দাদাগিৰি। বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ঘোঁৰা উঠা মোক্তাৱ বিদ্যালয়ৰ ভূমিত চলিছে দিন দুপৰতে খনন কাৰ্য্য । শালকাটি গাঁৱৰ মফিদুল ইছলাম নামৰ এটা ভূ-মাফিয়াই বিদ্যালয়ৰ প্ৰধান শিক্ষকক ভয় ভাবুকি প্রদান কৰি এনেদৰেই JCB আৰু ট্ৰেক্টৰেৰে খান্দি লৈ গৈছে বিদ্যালয়ৰ ভূমি। বিগত ৩ বছৰে বিদ্যালয়ৰ ভূমিত এই ভূমাফিয়াটোৱে বলপূর্বক ভাবে বনাই আহিছিল ইটা। এইবাৰ ইটা বনাবলৈ খান্দি লৈ গ’ল বিদ্যালয়ৰ মাটি। প্ৰধান শিক্ষক আব্দুল জব্বাৰে মফিদুল ইছলামৰ বিৰুদ্ধে ধিং ৰাজহ চক্ৰ বিষয়া আৰু বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক সমগ্ৰ ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে। ইফালে, বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলামে ধিং আৰক্ষী থানাত ভূ-মাফিয়া মফিদুলৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে। কিন্তু ৰহস্যজনক কাৰণত আৰক্ষী প্ৰশাসনে মৌনতা অৱলম্বন কৰি আহিছে। উপায়ন্তৰ হৈ ভুক্তভোগী প্ৰধান শিক্ষক জনে ভূ-মাফিয়া মফিদুলৰ ভয় ভাবুকিত অন্য বিদ্যালয়লৈ বদলি হৈ যাবলৈ যো-জা চলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...