অন্ধ্ৰপ্ৰদেশত তৈল খেজুৰৰ কৃষি পদ্ধতি অধ্যয়ন কৰিবলৈ কৃষক সমন্বিতে লখিমপুৰ জিলা কৃষি বিভাগৰ দল

অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা আয়োজন কৰা ক্ষেত্ৰ অধ্যয়ন(Exposure Visit)ৰ অংশ হিচাপে কৃষক সমন্বিতে
লখিমপুৰ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ এটি দল তিনিদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হয়। ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ আঁচনিৰ অধীনত এই ক্ষেত্ৰ অধ্যয়নৰ মুখ্য উদ্দেশ্য হ’ল তৈল খেজুৰৰ কৃষি পদ্ধতি, সংশাধন প্ৰক্ৰিয়া ও এই খেতিৰ লগত জড়িত আনুষংগিক দিশসমূহৰ বিষয়ে অৱগত হোৱা।

জিলা অতিৰিক্ত আয়ুক্ত (কৃষি) শ্ৰীমতী কুকিলা গগৈ আৰু “ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ(NMEO-OP)”ৰ জিলা নডেল বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে অন্ধ্ৰপ্ৰদেশত তৈল খেজুৰৰ খেতিৰ বিভিন্ন পদ্ধতি সম্বন্ধীয় দিশবোৰ তন্ন তন্ন কৈ প্ৰত্যক্ষ কৰাৰ লগতে লখিমপুৰত তৈল খেজুৰৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তাসমূহ আৰু এই খেতিৰ জৰিয়তে কৃষকসকল আগন্তুক সময়ত কেনেদৰে লাভান্বিত হ’ব পাৰি সেই দিশসমূহ পৰ্যবেক্ষণ কৰে।

লখিমপুৰৰ পৰা ৰাওনা হোৱা দলটোৱে তিনিওটা দিনত অন্ধ্ৰপ্ৰদেশৰ দেৱেৰাপল্লিত থকা জুবেনাইল উদ্যান, নাল্লাজেৰলা, মৰাণপুড়ী, দেৱৰপল্লিত থকা তৈল খেজুৰৰ উদ্যান, ডুবাচেৰীত থকা থ্ৰি এফ অক্ষয়া কেন্দ্ৰকে আদি কৰি অইল পাম খেতিৰ বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোক সহায় কৰে আঁচনি ৰূপায়ণৰ বাবে লখিমপুৰ জিলাৰ দায়িত্বত থকা থ্ৰী এফ অইল কোম্পানীয়ে।

জিলা অতিৰিক্ত আয়ুক্ত কুকিলা গগৈয়ে এই ভ্ৰমণ কালত তৈল খেজুৰৰ লগত আনুষংগিক কেনেধৰণৰ আন্তঃ শস্য খেতি কৰিলে কৃষকসকলে অধিক লাভৰ মুখ দেখিব, সেই দিশত তথ্য ভিত্তিক খতিয়ান লয়। ইফালে জিলা নডেল বিষয়াই কৃষকসকলক অইল পামৰ খেতিৰ লগত জড়িত বিভিন্ন কাৰিকৰী তথা বিজ্ঞানসন্মত দিশসমূহৰ লগতে বৃক্ষ ৰোপণৰ পৰা আৰম্ভ কৰি ফল লগালৈকে ল’বলগীয়া বিভিন্ন পদ্ধতি আৰু সাৱধানতাৰ সন্দৰ্ভত বিস্তৃত ৰূপত বুজাই দিয়ে।

উল্লেখ্য যে, উক্ত দলটোত আছে লখিমপুৰৰ অইল পাম খেতিৰ প্ৰতি আগ্ৰহী তথা ইতিমধ্যে বহল ভিত্তিত অইল পামৰ গছ ৰোপণ কৰা প্ৰগতিশীল কৃষক ক্ৰমে পংকজ বৰা, মুকুট হাজৰিকা, ৰাজীৱ কোঁচ ইত্যাদি। নিশ্চিতভাৱে এই ভ্ৰমণে অনাগত সময়ত লখিমপুৰৰ লগতে অন্যান্য কৃষকসকলকো এই খেতিৰ সন্দৰ্ভত অধিক উপকৃত কৰিব।

জিলা অতিৰিক্ত আয়ুক্ত আৰু আঁচনিৰ জিলা নডেল বিষয়াৰ লগতে তিনিদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশলৈ যোৱা দলটোত আছে ঢকুৱাখনা, চাবতি, বগিনদী, পানীগাওঁ আৰু দ’লহাট কৃষি চক্ৰৰ কৃষি উন্নয়ণ বিষয়াসকল আৰু আঁচনিৰ জিলা কাৰিকৰী সহায়ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...