জেতুকাৰপাতৰ বিষয়ে বহু নজনা কথা জানক আপুনিও

পালেহি হেঁপাহৰ ৰঙালী বিহুটি। এই বিহুৰ বতৰত‌ অসমীয়া যুৱতীয়ে জেতুকাৰ বোলেৰে বোলাইছে নিজৰ হাত। পৰম্পৰাগতভাৱে অসমীয়া মহিলা যুৱতীয়ে বহাগৰ মাহত জেতুকাৰ বোলেৰে হাত ৰঙীন কৰাটো নিয়ম। আপুনি এই জেতুকাৰ ঔষধি গুণৰ কথা জানেনে? শুনিলে আপুনিও আচৰিত হ’ব।

১/ জেতুকা হাতৰ তলুৱাত বান্ধিলে হাতৰ ছালৰ খজুৱতি নাশ হয়। ছাল কুমতীয়ে নাখায়। তলুৱা নিমজ আৰু উজ্জ্বল হয়। ভৰিৰ তলুৱাত সানিলে তলুৱাৰ খৰ-খজুলি, আচিনাই আদি নহয়।
২/ জেতুকা নখত ব্যৱহাৰ কৰিলে নখচুকীয়া, নখ খৰ, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ নাশ হয়।
৩/ জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয়, চুলি ক’লা হয়, উফি নহয়, চুলিৰ বিভিন্ন ৰোগ ভাল হয়।
৪/ জেতুকাৰ ৰস শৰীৰৰ গা-মুখ, কঁকাল, পিঠিত ঘঁহিলে ছাল মসৃণ হয়, ঘামচি নহয়।
৫/ ব’হাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাত খুন্দি ভৰিৰ পতাত সানিলে বছৰটোৰ ভিতৰত বসন্ত ৰোগ নহয়। ঘামচি হ’লে, ৰঙা হৈ বৰকৈ খজুৱালে জেতুকাৰ ৰস দুচামুচ, হালধিৰ ৰস এচামুচ মিহলাই এবাটি পানীত মিহলাই গা-ধুব লাগে। ঘামচি নাইকিয়া হ’ব আৰু আনুসংগিক লক্ষণবোৰ কমি যাব।
৬/ পায়োৰিয়া হৈ দাঁতৰ আলু ফুলি বিষ হ’লে জেতুকাৰ পাত ২৫০ মি:গ্ৰাম পানীত সিজাই পাঁচ গ্রাম, খয়েৰৰ লগত মিহলাই দাঁতত সানিলে ৰোগ আৰোগ্য হয়।
৭/ কাণ পকি পূঁজ ওলালে জেতুকাৰ পাতৰ ৰস দুটোপাল পৰিমাণে দিনে দুবাৰকে তিনি চাৰি দিন দিলে ৰোগ গুচে।
৮/ চকু নমা বা কনজাংটিভাইটিছ হ’লে জেতুকা পাত থেতালি সেই পাত পানীত অলপ সময় উতলাই চেঁচা হ’লে সেই পানীৰে চকু ধুব লাগে। দিনে দুই-তিনিবাৰ।
৯/ জণ্ডিচ হ’লে জেতুকা ফুলৰ ৰস দুই চামুচ উলিয়াই তাত দহ চামুচ উলিয়াই তাত দহ চামুচ চাউল ধোৱা পানী মিহলাই মিশ্ৰণটো দিনে এবাৰকৈ পাঁচ-ছয় দিন খালে ৰোগটো আৰোগ্য হয়।
১০/ শুক্রমেহ আৰোগ্য কৰিবলৈ জেতুকা পাতৰ ৰস এচামুচ, গৰুৰ গাখীৰ এচামুচ পৰিমাণে মিহলাই তাত দুচামুচ পৰিষ্কাৰ পানী দি দিনে এবাৰকৈ সাত দিন খাব লাগে।
১১/ জৰায়ু স্থানচ্যুত হ’লে জেতুকা পাতৰ ৰস দুচামুচকৈ দিনে এবাৰকৈ দহ-বাৰ দিন খাব লাগে।
১২/ কান্ধৰ বিষত জেতুকাৰ দুচামুচ ৰস উলিয়াই খাটি সৰিয়হৰ তেল আধা চামুচ মিহলাই মালিচ কৰিলে তিনি-চাৰি দিনৰ ভিতৰত বিষ কমি যায়।
১৩/ শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকা পাতৰ ৰস পাঁচ চামুচ পৰিমাণে আধা বাল্টি পানীত মিশ্ৰণ কৰি গা-ধুব লাগে। পাঁচ-ছয় দিন পৰ্যন্ত এনেদৰে গা-ধুলে শৰীৰৰ দুৰ্গন্ধ, ঘাম আদি কমি যাব। বনৌষধি বিশেষজ্ঞ প্ৰয়াত গুণাৰাম খনিকৰ দেৱে এই মিশ্ৰণেৰে ‘দুৰ্গন্ধনাশক’ বড়ি তৈয়াৰ কৰি বহু লোকক আৰোগ্য কৰিছিল। তেওঁলোকৰ ঘাম আৰু শৰীৰৰ দুৰ্গন্ধ নাশ হৈছিল।
১৪/ মুখৰ ভিতৰত ঘা হোৱা, জিভাত ফোঁহা উঠি আদি সমস্যাত জেতুকাৰ কেইখিলামান পাত চোবাই ৰস খালে ভাল হয়।
১৫/ ৰাতি টোপনি নাহে, বহু ৰাতিলৈকে অস্বস্তিকৰ পৰিৱেশত থাকিব লাগে। তেনে অৱস্থাত জেতুকা পাতৰ ৰস মাত্ৰ এচামুচ উলিয়াই তাত আধা চামুচ মৌজোল মিহলাই কিছুদিন খোৱাৰ অভ্যাস কৰিলে সমস্যা আঁতৰ হয়। ৰাতি শুবলৈ যোৱাৰ সময়ত ব্যৱহাৰ কৰিব। দ্বিতীয়তে- বিছ খিলামান জেতুকাৰ পাত গাৰুৰ তলত থৈ দিলে একে কাম কৰে।
১৬/ বহু মহিলা আৰু পুৰুষৰ ভৰিৰ পোৰণি, ভৰিৰ বিষ আদি সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। ভৰিত পোৰণিৰ লগতে ভৰি কুট-কুটোৱা, জিনজিনোৱা, বিষ হোৱা আদি লক্ষণত জেতুকা পাতৰ ৰস প্রস্তুত কৰি সানিব লাগে। দিনে দুই-তিনিবাৰ পাঁচ-ছয় দিন।
১৭/ মূত্র পাথৰি ৰোগত জেতুকা পাতৰ ৰস চাৰি-পাঁচ চামুচ পৰিমাণে দিনে এবাৰকৈ পোন্ধৰ দিন খাব লাগে।
১৮/ মৃগীৰোগত জেতুকাৰ পাতৰ দুচামুচ ৰস এচামুচ গৰুৰ গাখীৰ মিহলাই দিনে এবাৰকৈ এসপ্তাহ কাল খুৱালে অসুখটো নিৰাময় হয়।
১৯/ উচ্চ ৰক্তচাপত জেতুকাৰ পাতৰ ৰস কপালত সানিব লাগে আৰু পাত খুন্দি মূৰত ভৰণ দিলে ভাল হয়।
২০/ জেতুকাৰ পাতৰ ৰস আৰু শিলিখাৰ ৰস সম পৰিমাণে লৈ মূৰ ধুলে চুলিসৰা বন্ধ হয়।
২১/ মূৰৰ বিষত জেতুকা পাতৰ ৰস আধা চামুচ খালে বিষ কমে।
২২/ জেতুকা পাতৰ ৰস দিনে এবাৰকৈ পোন্ধৰদিন খালে তেজ পৰিষ্কাৰ হয়। পৰিমাণ দুচামুচ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...