লণ্ডনৰ ৰে’লত দুৰ্বৃত্তৰ আক্ৰমণ! এজন এজনকৈ যাত্ৰীক ছুৰীৰে আঘাত, ১০ জন গুৰুতৰভাৱে আহত, গ্ৰেপ্তাৰ ২ দুৰ্বৃত্ত

ব্ৰিটেইনত লণ্ডন অভিমুখী ট্ৰেইনত আক্ৰমণ চলালে দুষ্কৃতিকাৰীয়ে। যাত্ৰী সকলৰ মাজত সোমাই পৰিছিল দুষ্কৃতিকাৰী। চলন্ত ট্ৰেইনৰ ভিতৰতে যাত্ৰীসকলৰ ওপৰত ছুৰী লৈ আক্ৰমণ চলায় তেওঁলোকে। প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে, এই ঘটনাত বহুকেইজন যাত্ৰী আহত হৈছে। দুজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শনিবাৰে স্থানীয় সময় অনুসৰি সন্ধ্যা ৭ বাজি ৪ মিনিটত এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।

আৰক্ষীৰ ওচৰত খবৰ আহে যে, ট্ৰেইনত আক্ৰমণ হৈছে। হাটিংডনৰ এটা ষ্টেচনত আগৰে পৰাই অপেক্ষা কৰি আছিল আৰক্ষীৰ বিশাল বাহিনী, এম্বুলেন্স আৰু উদ্ধাৰকাৰী দল। ট্ৰেইনখন ৰখাই যাত্ৰীসকলক উদ্ধাৰ কৰা হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, দুজন সন্দেহজনক লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই আক্ৰমণত কিমানজন লোক জড়িত আছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ব্ৰিটিছ ট্ৰেন্সপ’ৰ্ট আৰক্ষীয়ে জনোৱা অনুসৰি, কেমব্ৰিজশ্বাৰৰ ওচৰত এই আক্ৰমণৰ ঘটনা ঘটিছে। ১০ জন যাত্ৰী আহত হৈছে। তেওঁলোকৰ ভিতৰত ৯জনৰ অৱস্থা সংকটজনক বুলি ধাৰণা কৰা হৈছে। জানিব পৰা গৈছে যে, ট্ৰেইনখন ডংকাষ্টাৰৰ পৰা লণ্ডনৰ কিংছ ক্ৰছ ষ্টেচনলৈ যোৱা আছিল। অতি ব্যস্ত ট্ৰেইনপথ এইটো। আক্ৰমণকাৰীসকলে সেই সুযোগকে কামত লগাইছে বুলি আৰক্ষীৰ সন্দেহ। দ্য টাইমছক এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, এজন লোকে চোকা অস্ত্ৰ লৈ যাত্ৰীসকলক ভাবুকি দি আছিল।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰ্মাৰে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে। আহতসকলৰ চিকিৎসাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশো দিছে তেওঁ। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা সকলৰ পৰিচয় জানিবলৈ চেষ্টা চলি আছে। এই আক্ৰমণৰ ঘটনাত কিমান জন জড়িত আছিল, সেয়া এতিয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...