অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনাই KMSSত আঘাত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনা পুৱতি নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাধিক নেতা। গোলাঘাটৰ পৰা প্ৰথমে গ্ৰেপ্তাৰ হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক। গুৱাহাটীত গ্ৰেপ্তাৰ সাংগঠনিক সম্পাদক আকাশ দ’লেক। এই গ্ৰেপ্তৰৰ প্ৰতিবাদ কৰি আটক হয় ছাত্ৰ মুক্তিৰ একাধিক নেতা-সদস্য। প্ৰাপ্ত তথ্য অনুসৰি- কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমণৰ দিনটোতেই গুৱাহাটীত গোপনে প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আটকাধীন নেতাসকলে।

অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনাই KMSSত আঘাত
সাঃ সম্পাদক বিদ্যুৎ শইকীয়া, আকাশ দ’লেক গ্ৰেপ্তাৰ
গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰি আটক একাধিক নেতা-সদস্য
শ্বাহৰ কাৰ্যসূচীৰ মাজতে প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল
অসমত এতিয়া মুকলি গুণ্ডাৰাজ চলিছেঃ অখিল গগৈ

দিনজোৰা কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী। গুৱাহাটীতে তিনিটাকৈ কাৰ্যসূচী অমিত শ্বাহৰ। ৰিস্ক ল’ব নুখুজিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গৃহমন্ত্ৰীৰ আগমনক লৈ অধিক তৎপৰ হ’ল অসম আৰক্ষী। বিশেষ শাখালৈ খবৰ আহিল। সেই খবৰৰ ভিত্তিতে শনিবাৰে পুৱতি নিশাই চলিল অভিযান। ফৰকাটিং থানাৰ OCৰ নেতৃত্বত যোৱা গোলাঘাট আৰক্ষীৰ এটা বৃহৎ দলে ঢলপুৱাতে গ্ৰেপ্তাৰ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিলে সংগঠনৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দ’লেক। শিৱসাগৰত গ্ৰেপ্তাৰ হ’ল সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকা।

কৃষক মুক্তিৰ নেতা বিদ্যুৎ শ‌ইকীয়াক গ্ৰেপ্তাৰৰ পিছতে গোলাঘাটত উত্তপ্ত পৰিস্থিতি। কৃষক নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে গোলাঘাটৰ বাটা প‌ইন্টত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি কৰা প্ৰতিবাদৰ পাছতেই ছাত্র মুক্তি আৰু কৃষক মুক্তিৰ ৪ নেতাক আটক গোলাঘাট আৰক্ষীৰ।

বিদ্যুত শইকীয়া, আকাশ দ’লে আৰু ৰিতুমণি হাজৰিকাৰ গ্ৰেপ্তাৰৰ লৈ বোকাখাতত প্ৰতিক্ৰিয়া কৃষক নেতা পিন্টু গগৈৰ। কামপুৰত প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ। দুয়োগৰাকী নেতাকে বিনাচৰ্তে মুকলিৰ আহ্বান।

শিৱসাগৰতো হ’ল প্ৰতিবাদ। শিৱসাগৰ ষ্টেচন চাৰি আলিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিবলৈ লোৱাৰ সময়তে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। প্ৰতিবাদস্থলীৰ পৰা আটক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ তিনি সদস্যক।
ডিব্ৰুগড় লাহোৱালত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। কৃষক মুক্তিৰ কেন্দ্ৰীয় কমিটিৰ নেতাৰ গ্ৰেপ্তাৰক গৰিহণা দি অখিল গগৈয়ে ক’লে মুখ্যমন্ত্ৰীয়ে মুকলি জংগলৰাজ চলাইছে অসমত।

গোলাঘাটৰ পৰা বিয়লিলৈ আহিল গ্ৰেপ্তাৰ হোৱা বিদ্যুৎ শইকীয়াৰ আছুতীয়া সাক্ষাৎকাৰ। কাৰ্যসূচীৰ মাজতে অমিত শ্বাহক ঘেৰাও কৰাৰ সংকল্প লৈছিল কৃষক মুক্তিয়ে। য’তে সভা, তাতেই ঘেৰাওৰ পৰিকল্পনা আছিল। ৩টা বিষয়ক লৈ প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল সংগঠনৰ শীৰ্ষ নেতৃত্বই। ১মঃ CAA বলৱৎ কৰৰাৰ বিৰোধীতা, ২য়ঃ আলফা (স্বাঃ)ৰ নামত অসমীয়াক এনকাউন্টাৰৰ বিৰোধীতা আৰু ৩য়ঃ শিলসাঁকোৰ উচ্ছেদিতৰ হৈ প্ৰতিবাদ।

কিন্তু কৃষক মুক্তিৰ এই প্ৰতিবাদ কাৰ্যকৰী হ’বলৈ নিদিলে অসম আৰক্ষীয়ে। ঢলপুৱাই শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰি প্ৰতিবাদৰ কাৰ্যসূচী ব্যৰ্থ কৰিলে অসম আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...