সাৱধান! পানী বিক্ৰেতাৰ ৰূপত ৰে’লত হত্যাকাৰী

আপুনিও ৰে’লেৰে যাত্ৰা কৰে নেকি? ৰে’লযাত্ৰা কৰোঁতে পানী ক্ৰয় কৰি খায় নেকি? যদি খায় তেন্তে সাৱধান। যোৱা ১৬ আগষ্টত কামাখ্যা ষ্টেচনত এখন ৰে’লত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। আৰক্ষীৰ অভিযানত জালত পৰিল হত্যাকাৰী। হত্যাকাৰীৰ যি স্বীকাৰোক্তি, শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব।

ৰে’লযাত্ৰা কৰে নেকি?
সাৱধান! পানী বিক্ৰেতাৰ ৰূপত ৰে’লত হত্যাকাৰী

যোৱা ১৬ আগষ্টত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ ঘটনা। গয়া-কামাখ্যা ৰে’লৰ বাথৰুমৰ বাহিৰত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। তাকে লৈ হাহাকাৰ লাগিছিল কামাখ্য ৰেল ষ্টেচনত। আজাৰা পৰ্যন্ত ফোনত যোগাযোগ কৰি থকা মহিলাগৰাকীৰে হঠাত সংযোগ বিচ্ছিন্ন হৈ পৰে পৰিয়ালৰ। কামাখ্যা ষ্টেচনত উপস্থিত হোৱাৰ পাছত পৰিয়ালৰ লোকে ৰেলৰ ভিতৰতেই দেখা পায় মৃতদেহটো। মহিলাগৰাকীৰ মোবাইল, আঙঠি ইতিমধ্যে লৈ গৈছিল দুৰ্বৃত্তই। হাহাকাৰ পৰিয়ালৰ।
দুৰ্বৃত্তই হত্যা কৰিছিল পম্পী শৰ্মা হালৈ নামৰ মহিলাক
ন্যয়া দাবী কৰিলে পৰিয়ালে
ৰে’লযাত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন
সেই ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছিল। তাৰ পাছতেই RPF-GRP-এ আৰম্ভ কৰে অভিযান। অৱশেষত জালত পৰিল এইটো।
হত্যাকাৰী দীপ দাস
চি চি টি ভিৰ ফুটেজ চাই চলা অভিযানত জালত পৰিল হত্যাকাৰীটো। আৰক্ষী আৰু কেমেৰাৰ সন্মুখত স্বীকাৰোক্তি হত্যাকাৰীৰ।
ময়েই মাৰিছিলো
ডিঙি চেপি মাৰিছিলো
মাৰি আঙঠি, মোবাইল আৰু পইছা লৈ গৈছিলো

ছীটতেই মাৰিছিলো, মাৰি মৃতদেহ বাথৰুমলৈ চোঁচৰাই নিছিলো। মৰি যোৱাৰ পাছত খুলি লৈছিলো আঙঠি। লৈ লৈছিলো মোবাইল আৰু ৫০০টকা। কামাখ্যা ষ্টেচনত নামি গুছি গুছিলো। ঘটনাৰ বৰ্ণনা হত্যাকাৰীৰ।

RPF-GRP-এ চলাইছে জেৰা। আৰু বহু চুৰি, ডকাইতিৰ ঘটনাত জড়িত থকাৰ সন্দেহ। এগৰাকী ভুক্তভোগীৰ তথ্য আহিছে পোহৰলৈ। হয়তো পোহৰলৈ আহিব আৰু ভয়ানক তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...